অসাৰ হ’ল অসমত শিক্ষাৰ শ্ল’গান।অৱশেষত ৰাজ্য চৰকাৰৰ শিক্ষাৰ ক্ষেত্ৰত বজোৱা ঢাক-ঢোল মিছা প্ৰমাণিত হ’ল। ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত উন্মোচিত হ’ল অসমৰ শিক্ষা ব্যৱস্থা। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত তথ্যত এই কথা প্ৰতিপন্ন হ’ল। দেশৰ ভিতৰতে অসমত আধাতে শিক্ষা সামৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বাধিক।
আন্তঃগাঁথনিৰ ক্ষেত্ৰতো শোচনীয় অৱস্থা অসমৰ বিদ্যালয় সমূহৰ। প্ৰণিধান যোগ্য যে, মাধ্যমিক পৰ্যায়ত (নৱম- দশম) বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই এতিয়া সকলোৰে চকু কপালত তুলিছে।
বিভিন্ন কাৰণত ৰাজ্যৰ ৩৫.২ % মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে আধাতে শিক্ষা সামৰা পৰিলক্ষিত হৈছে। প্ৰতি বছৰে এই হাৰ বৃদ্ধিয়ে এতিয়া চিন্তিত কৰি তুলিছে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত । বিশেষকৈ ২০১৭-১৮ বিত্তীয় বৰ্ষত ৰাজ্যখনত এই হাৰ আছিল ৩৩.৭ % ।
আকৌ ২০১৯-২০ বৰ্ষত এই হাৰ বৃদ্ধি পাই ৩৫.২ % হৈছে। অৰ্থাৎ অসমত মাধ্যমিক পৰ্য্যায়ত বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাবলৈ ধৰিছে।
উদ্বেগজনক কথা যে, যিটো সময়ত ৰাজ্যৰ বিদ্যালয় সমূহত কম্পিউটাৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে , সেই সময়ত বিদ্যালয় সমূহত কম্পিউটাৰ শিক্ষাৰ নামত চলি থকা ভেঁকো-ভাওনাৰ ছবিখনো যেন স্পষ্ট ৰূপত ফুটি উঠিছে। তথ্য মতে , ৰাজ্যৰ ১২.৭ % বিদ্যালয়তহে বৰ্তমানলৈকে কম্পিউটাৰ শিক্ষা লাভৰ সুবিধা আছে।
বাকী ৮৭.৩% বিদ্যালয়ত নাই কোনো কম্পিউটাৰ শিক্ষাৰ সুবিধা।
দুখৰ কথা যে, কম্পিউটাৰ উপলব্ধ বিদ্যালয়তো নাই কোনো ইন্টাৰনেট সুবিধা। আৰু এই সুবিধা নথকা বিদ্যালয়ৰ সংখ্যা হৈছে ৯৪.১৮ % । অৰ্থাৎ ৫.৮২% বিদ্যালয়তহে আছে কম্পিউটাৰৰ সুবিধা।
ইফালে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে বহু বিদ্যালয়ৰ গৃ্হ নিৰ্মাণ কৰিছে যদিও সেই গৃ্হ সমূহত উপলব্ধ নাই প্ৰয়োজনীয় সা- সুবিধা। বিশেষকৈ ৰাজ্যৰ ১৩,৫০৩ খন বিদ্যালয়ত নাই শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আৰু খোৱা পানীৰ ব্যৱস্থা।
খোৱা পানীৰ সু –ব্যৱস্থা নথকা দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে অসমে। ৮৫৪২ খন বিদ্যালয়ত এইপৰ্যন্ত উপলব্ধ হোৱা নাই খোৱা পানীৰ ব্যৱস্থা। তেনেক্ষেত্ৰত অসমৰ মাধ্যমিক পৰ্য্যায়ৰ বিদ্যালয় সমূহৰ এই পুতৌজনক অৱস্থাই এতিয়া সকলোকে লজ্জানত কৰাই নহয় , চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰকো ।