VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ

voicedesk by voicedesk
August 23, 2021
in জীৱন
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
0
SHARES
385
VIEWS
Share on FacebookShare on Twitter

হিন্দু সমাজত তুলসীক সদায় পূজা কৰি অহা হৈছে। বিভিন্ন পূজা-পাৰ্বনত ব্যৱহাৰ কৰা তুলসী পূজাৰ অন্তৰালত অন্তৰ্নিহিত হৈ আছে বহু বৈজ্ঞানিক যুক্তি । তুলসীৰ এনে কিছুমান গুণাগুণৰ বাবেই তুলসীক সদায় পবিত্ৰ জ্ঞান কৰা হ’য়। অসমীয়া সমাজত কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি-বন্তি জ্বলাই তুলসীক পূজা কৰা দেখা যায়।

অৰ্থাৎ অসমীয়া সমাজতো তুলসীৰ স্থান সদায় আগচোতালত। আগচোতাল শুৱনি কৰা এই সৰু গুল্মজাতীয় গছজোপাৰ আছে বহু ৰোগ নিৰাময় কৰিব পৰা গুণ। কিছুমান ৰোগত তুলসী ইমানেই সুফলদায়ক যে অন্য ঔষধ ব্যৱহাৰ নকৰাকৈয়ে আৰোগ্য লাভ কৰিব পাৰি।

সাধাৰণতে তুলসী তিনি প্ৰকাৰৰ পোৱা যায়। ক’লা তুলসী ,বগা তুলসী আৰু বন তুলসী। ইয়াৰে ক’লা আৰু বগা তুলীসৰ ঔষধি গুণ অধিক ।

সাধাৰণতে কফ জাতীয় ৰোগত ক’লা বা বগা তুলসীৰ ৰসে মহাঔষধৰ কাম কৰে। যিসকল লোকে দীৰ্ঘদিন ধৰি কফজাতীয় ৰোগত ভুগি আছে তেওঁলোকে দৈনিক তুলসীৰ ৰস সেৱন কৰিলে এই ৰোগৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পাব পাৰে।

তুলসী পাতৰ ৰস উলিয়াই এচামুচ মৌ ৰস আৰু আদাৰ ৰস মিহলাই খালে কফৰ ৰোগ সম্পূৰ্ণ নিৰ্মূল হ’য়। বিশেষকৈ সৰু সৰু ল’ৰা-ছোৱালীৰ চৰ্দি ,কাহ, জ্বৰ আনকি শৌচ কচা কৰা, বমি আদি তো তুলসীৰ ৰসে অমৃতৰ দৰে কাম কৰে।

ডাঙৰেও দৈনিক পুৱাৰ চাহকাপত তুলসীৰ পাত, আদা , তেজপাত, জালুক আদি দি সেৱন কৰিলে জ্বৰ,পানী লগা বা কফৰ পৰা বাচি থাকিব পাৰে।

ইয়াৰোপৰি তেজৰ দোষ বা কুষ্ঠাদি আদি ৰোগৰ বাবেও তুলসী বৰ উপকাৰী। কোনো কাৰণত কাণৰ বিষ হলে তুলসী পাতৰ ৰস গৰম কৰি অলপ ঠাণ্ডা হলে কেইটোপালমান কাণত দি দিলে কাণৰ বিষৰ পৰাও উপশম পাব পাৰি।

আনকি খৰ-খজুৱতি বা মুখত দাগ পৰিলেও তুলসীৰ পাত পিহি লগালে খৰ-খজুৱতি ভাল হোৱাৰ লগতে মুখৰ দাগসমূহ নাইকীয়া হৈ চালখন মসৃণ কৰি উজ্জ্বল কৰি তোলে ।

ইয়াৰোপৰি চকু ৰঙা পৰা বা চকু ফুলি উঠা ৰোগতো তুলসীৰ ৰস এক,দুই টোপাল দিলে উপশম হ’য়। ক’লা বা বগা তুলসীৰ উপৰিও বন তুলসীৰ পাতৰ ৰসেও কফ নিৰাময় আৰু বেদনাৰ উপশম কৰিব পাৰে।

বিশেষকৈ তিৰোতাৰ সন্তান প্ৰসৱ হোৱাৰ পিছত কিবা কাৰণত বেদনা আহিলে বন তুলসীৰ পাতৰ ৰসে সেই বেদনা নিৰাময় কৰিব পাৰে। উল্লেখ্য যে, বৰ্তমান ক’ভিড সৃষ্ট এই জটিল পৰিস্থিতিত ক’ভিডৰ পৰা বাচি থাকিবলৈ একাংশ আয়ুৰ্বেদিক চিকিৎসকে দৈনিক চাহৰ লগত দুখিলা তুলসী পাত দি খোৱাৰ পৰামৰ্শ আগবঢ়াইছে।

আনকি পূৰ্বজ সকলে খাদ্য গ্ৰহণ কৰাৰ পিছত তুলসী পাত চোৱাই খাবলৈ কয়। যিহেতু তুলসীয়ে হজম হোৱাটো সহায় কৰে। বৈজ্ঞানিক দৃষ্টিকোণেৰে তুলসীৰ এনেবোৰ ঔষধি গুণৰ বাবেই হয়তো তুলসীক সদায় পবিত্ৰ জ্ঞান কৰি অহা দেখা যায়।

Previous Post

ৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচিত হ’ল অসমৰ পুতৌজনক শিক্ষা ব্যৱস্থাঃ দেশৰ ভিতৰত সৰ্বনিম্ন শিক্ষা ক্ষেত্ৰৰ আন্তঃগাঁথনি

Next Post

কি আছে অসম বিধান সভাত উথাপিত পশু সুৰক্ষা বিধেয়ক ২০২১ অত? জানিবলৈ পঢ়ক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কি আছে অসম বিধান সভাত উথাপিত পশু সুৰক্ষা বিধেয়ক ২০২১ অত? জানিবলৈ  পঢ়ক

কি আছে অসম বিধান সভাত উথাপিত পশু সুৰক্ষা বিধেয়ক ২০২১ অত? জানিবলৈ পঢ়ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7