চাহ খাই সকলো লোকেই ভাল পায় । কিন্তু কোনোবাই একাপ চাহৰ বাবত ১০০০ টকা দিয়া কথাতো বহুতৰ বাবে কল্পনাৰো অগোচৰ। আচৰিত হ’লেও সঁচা যে কলিকতাৰ মুকুন্দাপুৰ নামৰ ঠাইৰ এখন সৰু দোকানত পোৱা যায় আটাইতকৈ দামী চাহকাপ। এই দোকানখনত ১০০ বিধ বিভিন্ন প্ৰকাৰৰ চাহ উপলব্ধ। প্ৰাপ্ত তথ্য মতে উক্ত চাহৰ দোকানখনত ১২ টকাৰ পৰা আৰম্ভ কৰি ১০০০ টকীয়া চাহ পোৱা যায়।
কলিকতাৰ মুকুন্দাপুৰৰ দামী চাহ পোৱা দোকানখনৰ আটাইতকৈ দামী চাহ বিধৰ নাম “ব’- লেই” (Bo-Lay) ।
উল্লেখ্য যে এই চাহৰ এক কিলো চাহ পাতৰ দাম ৩ লাখ টকা। ইয়াৰ উপৰিও দোকানখনত বিভিন্ন সোৱাদযুক্ত চাহ যেনে – লেভেন্দাৰ টি (Lavender Tea),
অ’ কে টি (OKT Tea) , ৱাইন টি (Wine Tea), তুলসী- আদাৰ চাহ (Tulsi Ginger Tea) , জবাফুলৰ চাহ (Hibiscus Tea),
দাৰ্জিলিংৰ টিচটা ভেলী চাহ (Teesta Valley Tea), মাকাইবাৰি চাহ (Makaibari Tea), ৰুবীজ টি (Rubies Tea), বগা চাহ (Silver Needle White Tea)
আৰু নীলা টিয়ান চাহ (Blue Tian Tea) উপলব্ধ।
প্ৰাপ্ত তথ্য মতে এই চাহৰ দোকানখন প্ৰথম আৰম্ভ কৰা হৈছিল ২০১৪ চনত। কলিকতাৰ এই সৰু চাহৰ দোকানখনৰ নাম নিৰ্জাছ (Nirjash) আৰু দোকানৰ মুখ্য লোক জনৰ নাম পাৰ্থ প্ৰতীম গাংগুলি । বৰ্তমান সময়ত পাৰ্থৰ “নিৰ্জাছ” কলিকতাৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় ।