এগৰাকী ১১ বছৰীয়া ভাৰতীয় –আমেৰিকান মূলৰ মেধাবী ছাত্ৰী । ছাত্ৰী গৰাকীৰ নাম নাতাশা পেৰি। নাতাশাৰ এক বৃহৎ সাফল্যই মুগ্ধ কৰিছে সকলোকে। স্কলাস্টিক এচেছমেন্ট টেষ্ট( Scholastic Assessment Test –SAT) আৰু আমেৰিকান কলেজ টেষ্টিং (American College Testing-ACT) দৰে পৰীক্ষাত দেখুওৱা অসাধাৰণ ফলাফলৰ বাবে মাৰ্কিন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰী গৰাকীক বিশ্বৰ সকলোতকৈ মেধাৱী ছাত্ৰী হিচাপে বিবেচনা কৰা হৈছে । খুব কম বয়সতেই কিশোৰী গৰাকীৰ এই অসামান্য কীৰ্তিয়ে সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
স্কলাস্টিক এচেছমেন্ট টেষ্ট(SAT) আৰু আমেৰিকান কলেজ টেষ্টিং (ACT) উভয়েই মানসন্মত পৰীক্ষা য‘ত কলেজ কর্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ কলেজ ভৰ্ত্তিৰ বাবে যোগ্যতা আছে নে নাই সেই কথা নিৰ্ধাৰণ কৰে। কোনো কোনো ক্ষেত্ৰত বিভিন্ন ধৰণৰ কোম্পানী আৰু কৰপ’ৰেটৰ ফালৰ পৰাও তাৰ পৰা লাভ কৰা ফলাফল মেধাভিত্তিক বৃত্তি প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়। পৰীক্ষাৰ নিয়ম অনুযায়ী সকলো শিক্ষাৰ্থীয়েই SAT অথবা ACT পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে আৰু তাৰ ফলাফল সাম্ভাৱ্য বিশ্ববিদ্যালয়ত জমা দিব লাগে ।
নিউ জাৰ্চিৰ থেলমা এল সান্দমায়াৰ প্ৰাথমিক বিদ্যালয় (Thelma L. Sandmeier Elementary School)ৰ শিক্ষাৰ্থী নাতাশা পেৰিয়ে জনচ হপকিন্স চেন্টাৰ ফ’ৰ টেলেন্টেড য়ুথ( Johns Hopkins Center For Talented Youth)ৰ CTY ৰ টেলেন্ট চাৰ্চৰ অংশ হিচাপে গৃহীত SAT-ACT পৰীক্ষাত অনুৰূপ সাফল্য দেখুৱাবলৈ সক্ষম হৈছে।
CTY য়ে বিশ্বব্যাপী মেধাবী শিক্ষাৰ্থীসকলক চিহ্নিত কৰি তেঁওলোকৰ দক্ষতাৰ এক পৰিষ্কাৰ ছবি দাঙি ধৰে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চশিক্ষাৰ বাবে সুবিধা হয়।
২০২০-২০২১ বৰ্ষৰ টেলেন্ট চাৰ্চ অনুষ্ঠানত যোগদান কৰা ১৯০০০ প্ৰতিযোগীৰ ভিতৰত নতাশাও এগৰাকী । প্ৰায় ৮৪ খন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ।বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত নাতাশাৰ এই সাফল্য অতি প্ৰশংসনীয়।
নাতাশা পেৰি এই সন্মান পাই নিজেও যথেষ্ট আপ্লুত হৈছে। তেঁও জনোৱা মতে এই সন্মান তেঁওৰ জীৱনৰ বাবে এক অনুপ্ৰেৰণা হৈ ৰ’ব । ডুডলিং আৰু জে আৰ আৰ ট’লকিনৰ( J.R.R Tolkien) উপন্যাসে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে ছাত্ৰী গৰাকীক।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্যৰ পৰা পুৰষ্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক বাছি উলিওৱা হৈছে। উল্লেখ্য যে অংশগ্ৰহণকাৰীৰ মাত্ৰ ২০% য়েহে এই সন্মান লাভ কৰিছে ।