ক‘ভিডৰ ভয়াবহতাৰ মাজতে অসমৰ উজনিত জাপানীজ এনকেফেলাইটিছে লৈছে সংহাৰী ৰূপ। এপ্ৰিল মাহৰ আৰম্ভ হোৱা এই ৰোগত এইপৰ্যন্ত ১৬৬ জন লোক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি হৈ আছে আৰু ইয়াৰে ১২ গৰাকী ৰোগীৰ মৃত্যু হৈছে।
অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ অধ্যক্ষ ডাঃ প্ৰশান্ত দিহিঙীয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে উজনিৰ কেইবাখনো জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এনকেফেলাইটিছ। এপ্ৰিলৰ পৰা ৩১ জুলাই পৰ্যন্ত ১৬৬ গৰাকী এনকেফেলাইটিছ জে ই আৰু এ ই এছ ৰোগী ভৰ্ত্তি হৈছে চিকিৎসালয়ত।
ইয়াৰ ভিতৰত ৯১ গৰাকী প্ৰাপ্তবয়স্ক হোৱাৰ লগতে ৭৫ টি শিশু আক্ৰান্ত হৈছে এই ৰোগত। প্ৰাপ্তবয়স্কৰ ভিতৰত ২৯ গৰাকী জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত বুলি নিশ্চিত হৈছে। আনহাতে শিশুৰ ভিতৰত ১৮ টি এনকেফেলাইটিছ জে ইত আক্ৰান্ত বুলিও সদৰি কৰিছে অধ্যক্ষ গৰাকীয়ে।
ইয়াৰভিতৰত এইপৰ্যন্ত ১২ গৰাকী ৰোগীৰ মৃত্যু হৈছে। মৃত্যু হোৱা ১২ গৰাকীৰ ভিতৰত ৮ গৰাকী প্ৰাপ্তবয়স্ক আৰু ৪ টা শিশুও আছে। আৰু এই ৪ টি শিশুৰ জে ইত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে। মৃত্যু হোৱা লোকসকলৰ বেছি ভাগৰে ঘৰ লখিমপুৰ, ধেমাজি, মাজুলী,তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ বুলি জানিবলৈ দিয়ে।
আনহাতে মৃত্যু হোৱা ৪ টি শিশুৰ এজন লখিমপুৰ,এজন মাজুলী আৰু ২ জন ধেমাজিৰ। এনকেফেলাইটিছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ডাঃ দিহিঙীয়াই বাৰিষা কালত ল‘বলগীয়া সাৱধানতাৰ বিষয়ে কয় যে এই সময়ছোৱাত গাহৰিপালক সকলে গাহৰি সমূহ নিজ গৃহৰ পৰা আতৰাই ৰাখি আৰু সকলো লোককে ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
লগতে ঘৰৰ চৌহদত পানী জমা নোহোৱাকৈ হাবি-জংঘল কাটি পৰিষ্কাৰ হৈ থাকিবলৈও আহ্বান জনাইছে অধ্যক্ষ গৰাকীয়ে। অৱশ্যে অসম চৰকাৰে এনকেফেলাইটিছৰ টিকাকৰণ কাৰ্য্যসূচী গ্ৰহণ কৰাত পূৰ্বৰ তুলনাত এই বৰ্ষত আক্ৰান্ত সংখ্যাৰ হাৰ হ্ৰাস পোৱা বুলিও উল্লেখ কৰে চিকিৎসক গৰাকী।