আপোনাৰ ব্যস্ত সময়সূচীৰ পৰা আঁতৰি আপুনি বাৰু ক’ৰবালৈ অৱসৰ বিনোদনৰ বাবে যাবলৈ বিচাৰে নেকি? অথৱা কেৱল দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰৰ বাবে আপুনি সময় অতিবাহিত কৰিব বিচাৰে নেকি নিজৰ পৰিয়াল নাইবা বন্ধু বৰ্গৰ সৈতে ক’ৰবাত?
যদি বিচাৰে তেন্তে আপুনি নিশ্চয় যাব পাৰে মেঘালয়ৰ ‘মাখান ৰিজৰ্ট’লৈ। অসমৰ গাতে লাগি থকা মেঘালয়ৰ নংপোৰ ৰংমেছেক গাঁৱত অৱস্থিত এই ৰিজ’ৰ্ট খনৰ প্ৰাকৃতিক শোভা তথা আতিথ্যই বৰ্তমান সময়ত আকৰ্ষিত কৰিছে বহুতকে। সেউজীয়া শোভাৰ মাজত নিজৰ পৰিয়াল নাইবা বন্ধু বৰ্গৰ সৈতে য’ত সকলোৱে উদযাপন কৰিছে কিছু সুন্দৰ সময় ৷
আপুনিও যদি এনে আনন্দ উপভোগ কৰিবলৈ বিচাৰে অথবা যান্ত্ৰিক জীৱনৰ অৱসাদবোৰ আতৰাই কিছু ভাল লগা সময় অতিবাহিত কৰিব খোজে প্ৰকৃতিৰ বুকুত তেন্তে এবাৰ যাব পাৰে এই ৰিজ’ৰ্ট খনলৈ ৷ ‘মাখান ৰিজ’ৰ্ট’ (Mukhan Resort)নামৰ এটি ফেচবুক পে’জৰ জড়িয়তে তেওঁলোকে ইতিমধ্যে ৰিজ’ৰ্ট খনৰ বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰাৰ লগতে পে’জটোৰ যোগেদি আপলোড কৰিছে অঞ্চলটোৰ বহু আকৰ্ষণীয় ফটো ৷