জনপ্ৰিয় কণ্ঠশিল্পী,নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ ফেচবুক পে’জত শেহতীয়াকৈ এটা প’ষ্টে খলকনি তুলিছে সামাজিক মাধ্যমত ৷ প’ষ্টটোৰ যোগেদি যোৰহাটৰ টিলিকীআমৰ সুশ্ৰুতি দত্ত ওৰফে শ্ৰুতি প্ৰিয়ম নামৰ এগৰাকী ছোৱালীৰ কথা কৈ ৰাইজৰ সহযোগিতা,আশীৰ্বাদ কামনা কৰিছে জুবিন গাৰ্গে ৷
প’ষ্টটোৰ যোগেদি তেওঁ কৈছে যে সদায় হাঁহি থকা ছোৱালী জনীয়ে আজি বিচনাত চটফটাই কান্দি আছে। সদায় আনৰ বাবে চিন্তা কৰি থকা, সদায় আনৰ ভাল কৰিবলৈ চেষ্টা কৰি থকা ছোৱালী জনীয়ে কান্দি আছে।তায়ো আমাৰ মাজৰে কাৰোবাৰ ভনী,কাৰোবাৰ জী,কাৰোবাৰ বায়েক। আজি তাইক সহায়ৰ প্ৰয়োজন,প্ৰয়োজন আপোনালোকৰ অলপ মান মৰম, অলপ সহায়, অলপ প্ৰাৰ্থনাৰ ৷ কেইবাটাও মাহ ধৰি তাই যথেষ্ট সমস্যাত ভুগি আছে। ডিঙিৰ এক বিশেষ সংক্ৰমণত আক্ৰান্ত তাই। এই বিষ কিমান কষ্টকৰ একমাত্ৰ তাই নিজেহে বুজি পাইছে।
প্ৰথম অৱস্থাত শ্ৰুতিৰ ডিঙিৰ সোঁফালে অত্যন্ত বিষ হৈছিল আৰু ডাক্তৰৰ পৰামৰ্শ মতে নিজৰ সাঁচি থোৱা পইচা কেইটাৰ লগতে কেইজন মান হৃদয়বান ব্যক্তিৰ সহায়ত লক্ষাধিক টকা খৰছ কৰি গুৱাহাটীত অপাৰেচন কৰোৱাইছিল ৷ কিন্তু এতিয়া সংক্ৰমণ আৰু বিষ সম্পূৰ্ণ ৰূপে ঠিক নোহোৱাত আৰু লাহে লাহে সেই বিষ বাঢ়িহে যোৱাত এতিয়া ডাক্তৰে বাংগালোৰ(Narayana Hospital)লৈ পঠাইছে তাকো ততাতয়াকৈ। পলম কৰিলেই এই সংক্ৰমণ বিয়পাৰ সম্ভাৱনা। বিষ আৰু ৰক্তক্ষৰণৰ ফলত একো খাব নোৱাৰে তাই, আনকি পানী এটোপাও ৷ মাত মাতিলে বেছিকৈ জোৰ দিলে ডিঙিত কষ্ট পাই ৰক্তক্ষৰণ হয়। কিন্তু ইমান দিনে তেওঁ অনুমতি দিয়া নাছিল বাবেই ফেচবুকত কোনো আপডেট দিয়া হোৱা নাছিল।
লগতে প’ষ্টটোত লিখা হৈছে যে আজি এক সপ্তাহ মানৰ পৰা দুই এজনে তেওঁৰ বিষয়ে শ্বেয়াৰ কৰাৰ লগতে বৰঙণিও আগবঢ়াইছে।আপোনাৰ আৰু মোৰ দৰে তাইৰো জীয়াই থাকিবলৈ মন যায়,উৰিবলৈ মন যায়।তায়ো জীয়াই থাকিব বিচাৰে। আনহাতে ঘৰ খন তেওঁৱেই চলাই আছিল,ভায়েকক পঢ়াই আছিল।সিহঁতৰ ঘৰ খনৰ পইচা অহাৰ বাট এটাই আছিল।এতিয়া সেইটো বাটো বন্ধ হৈ পৰিল।
আমাৰ সাহসী ছোৱালী জনী ,যোৰহাট টিলিকীআমৰ সুশ্ৰুতি দত্ত ওৰফে শ্ৰুতি প্ৰিয়মক উন্নত চিকিৎসাৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন । ডাক্তৰে কোৱা মতে প্ৰথম পৰ্যায়ত প্ৰায় নূন্যতম ৫লাখ মান টকা লাগিব আনুমানিক, সঠিক সংখ্যা টো বাংগালোৰ পোৱাৰ পাছত হে গম পোৱা যাব যে ততোধিক কিমান লাগিব পাৰে কাৰণ এই ৰোগৰ সংক্ৰমণ কোনটো পৰ্যায় লৈকে বিয়পিছে সেই বিষয়েও তাত পাই চিকিৎসা আৰম্ভ হ’লেহে গম পোৱা হ’ব।
সেয়েহে শ্ৰুতিলৈ যি পাৰে সহায় আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে প’ষ্টটোৰ যোগেদি ৷ কাৰণ এতিয়া পৰ্যাপ্ত পৰিমাণৰ পইচা খিনি যোগাৰ নোহোৱা বাবেই অপেক্ষা কৰিব লগা হৈছে বাংগালোৰলৈ যাবৰ কাৰণে । ৰাইজে নখ জোকাৰিলে নৈ বয়। সেয়েহে তেওঁৰ পে’জটোৰ যোগেদি এনেকৈয়ে দৈনন্দিন জীৱনৰ অন্তত ১০০ টকা এটা শ্ৰুতিক আশীৰ্বাদ বুলি, প্ৰাৰ্থনা বুলি দিবলৈ সকলোকে আহ্বান জনালে শিল্পী গৰাকীয়ে ।
আনহাতে ৰাইজৰ সুবিধাৰ বাবে তেওঁৰ একাউণ্ট নম্বৰ আৰু সবিশেষ দিয়া হ’ল –
SUSHRUTI DUTTA
Jorhat( Assam)
A/C- 406210110010672
IFSC – BKID0004062
Bank of india
Gpay number:- 7002110536