বিহাৰৰ কাটিহাৰ নামৰ ঠাইত ৰাতিটোৰ ভিতৰতে দুজন স্কুলীয়া ছাত্ৰৰ বেংক একাউন্টত জমা হয় কোটিৰ হিচাপত টকা । আৰু সেইবাবেই এতিয়া সেই ঠাইৰ লোকসকলেও ঢাপলি মেলিছে নিজৰ বেংক একাউন্ট অথবা এ টি এমত নিজৰ টকাৰ পৰিমাণ পৰীক্ষা কৰিবলৈ।
উল্লেখ্য যে উক্ত স্কুলীয়া ল’ৰা দুজনৰ উত্তৰ বিহাৰ গ্ৰামীণ বেংকত একাউন্ট আছিল। প্ৰাপ্ত তথ্য মৰ্মে স্কুলৰ পোচাক আৰু অন্য খৰচৰ বাবে এক চৰকাৰী আঁচনিৰ জৰিয়তে কিছু সাহাৰ্য লাভ কৰিছিল ছাত্ৰ দুজনে। আঁচনিৰ টকা একাউন্টত সোমাইছে নে নাই সেই কথা জানিবৰ বাবে নিজৰ অভিভাৱকৰ লগত তেঁওলোক এখন স্থানীয় ইন্টাৰনেট কেন্দ্ৰ লৈ গৈছিল। কিন্তু নিজৰ একাউন্ট পৰীক্ষা কৰি তাত পোৱা গ’ল কোটিৰ হিচাপত টকা।
জানিবলৈ পোৱা মতে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আশিস ৰ একাউন্টত পোৱা গ’ল ৬.২ কোটি টকা আৰু আন এজন ছাত্ৰ গুৰু চৰণ বিশ্বাস ৰ একাউন্টত পোৱা গ’ল ৯০০ কোটি টকা। গাঁও খনৰ গ্ৰামপ্ৰধানে এই কথা নিশ্চিত কৰিছে আৰু স্থানীয় লোকে জনোৱা মতে বেংকে ইতিমধ্যে এই বিষয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে সেই বেংকৰ মূল বিষয়াগৰাকীয়ে জনোৱা মতে টকাৰ লেনদেন কৰা কম্পিউটাৰত বিজুতি ঘটাৰ বাবেহে এনে কাৰ্য সংঘটিত হৈছে। ছাত্ৰ দুজনৰ একাউন্টত টকাৰ পৰিমাণ উচ্চ হাৰত দেখুৱাইছে যদিও দৰাচলতে সিমান টকা একাউন্টত নাছিল। আনহাতে কাটিহাৰৰ জিলাধিকাৰী উদয়ন মিশ্ৰাই জনোৱা মতে তেঁও বেংকৰ পৰা এই বিষয়ে তথ্য বিচাৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি বিহাৰত এইধৰণৰ ঘটনা বৰ্তমানলৈকে দুবাৰ সংঘটিত হৈছে। পাটনাৰ এজন লোকে তেঁওৰ একাউন্টত ভুলতে সোমোৱা ৫ কোটি টকা আকৌ ঘূৰাই দিবলৈ অমান্তি হোৱাৰ বাবে জেললৈ যাব লগীয়া হৈছিল। আনহাতে লোকজনে টকা ঘূৰাই দিবলৈ অমান্তি হোৱাৰ কাৰণ হ’ল যে তেঁওৰ মতে সেই টকা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেঁওক সাহাৰ্য হিচাপেহে দিছে ।