আফগানিস্তান টাইমছৰ এটা প্ৰতিবেদন অনুসৰি এগৰাকী ২১ বছৰীয়া মহিলাক বোৰ্খা পৰিধান নকৰাৰ বাবেই অপৰাধীৰ দৰে গুলীয়াই হত্যা কৰে তালিবান সন্ত্ৰাসবাদীয়ে।
নাজনীন নামৰ মহিলাগৰাকী এখন গাড়ীৰে আফগানিস্তানৰ সন্ত্ৰাসজৰ্জৰিত বাল্খ জিলালৈ যাত্ৰা কৰিছিল। তেনে সময়তে কিছু সংখ্যক তালিবানীয়ে তেওঁ বোৰ্খা পৰিধান নকৰা কথাটো প্ৰত্যক্ষ কৰে। তাৰ পিছতেই নাজনীনক গাড়ীৰ পৰা টানি আনি নৃশংসতাৰে হত্যা কৰা হয়।
অৱশ্যে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এই ভয়ংকৰ কাৰ্যক অস্বীকাৰ কৰিছে। কিন্তু উল্লেখনীয় যে শেহতীয়া ভাৱে আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব বুলি কৰা ঘোষণাৰ পাছৰ পৰা তালিবানীসকল অধিক সক্ৰিয় হৈ উঠিছে আৰু তেওঁলোকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি কৰিছে।
তালিবান শাসনত মহিলাসকলৰ দুৰৱস্থাৰ বিষয়ে সমগ্ৰ বিশ্ব পৰিচিত। তেওঁলোকে পুৰুষৰ অনুমতি অবিহনে বা পুৰুষ লগত নাথাকিলে কোনো কামেই কৰিব নোৱাৰে। তালিবান মহিলাৰ বাবে পুৰুষ এক অনুজ্ঞাপত্ৰ, যাক লগত লৈ তেওঁলোকে জীৱনৰ দৈনন্দিন প্ৰয়োজন যেনে স্কুললৈ যোৱা বা অন্য কামত বাহিৰলৈ ওলাই যাব পাৰে।
বোৰ্খা পিন্ধা, সমগ্ৰ শৰীৰ ঢাকি ৰখা এইবোৰ মহিলাৰ বাবে বাধ্যতামূলক। তালিবানী আইনৰ আওতাত মহিলাসকলক সামান্য অপৰাধতে অতি নিষ্ঠুৰভাৱে হত্যাৰ ঘটনাই বহুবাৰ বিশ্ব কঁপাই তুলিছে। মাত্ৰ কিছুদিন আগতে দুগৰাকীকৈ মহিলা ন্যায়াধীশক তালীবানীয়ে হত্যা কৰিছিল।
কিছু বছৰ আগতে ৰুকচানা নামৰ ১৯ বছৰীয়া ছোৱালীজনীক প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব খোজাৰ অপৰাধত শিলগুটি দলিয়াই হত্যা কৰাৰ ঘটনাই তালীবানীৰ নৃশংসতাক প্ৰতিফলিত কৰিছিল।
প্ৰতিবেদন অনুসৰি তালিবানীয়ে অকলশৰীয়া বা বিধৱা মহিলাসকলক যোদ্ধাসকলক বিয়া কৰাবলৈ বাধ্য কৰি আহিছে। নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিও শেহতীয়া সময়বোৰত তেওঁলোকে মহিলাৰ অধিকাৰ সন্দৰ্ভত কিছু কাম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
ইছলামিক বা আফগানী আইন অমান্য নকৰাকৈ বিদ্যালয়লৈ বা কামলৈ যোৱাৰ লগতে মহিলাসকলৰ অধিকাৰ সন্দৰ্ভত কিছু কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া তালিবানীয়ে বৰ্তমান সময়ত মহিলাৰ অধিকাৰ সংকুচিত কৰাৰ কথাহে কৈছে। তেওঁলোকৰ মতে শেহতীয়া বছৰবোৰত মহিলাসকলে লাভ কৰা স্বাধীনতাই অনৈতিকতা আৰু অশালীনতাৰ প্ৰচাৰ কৰিছে।
কিছুদিনৰ আগতে আমেৰিকাই দোহাত তালিবানীৰ লগত শান্তি চুক্তিত হস্তাক্ষৰ কৰে। চুক্তি অনুসৰি তালিবানী বা আল কায়দাই আমেৰিকাৰ অধীনৰ এলেকাত কোনো কুটাঘাট মূলক কাম নকৰে আৰু যুক্তৰাষ্ট্ৰয়ো তালিবানৰ সৈতে যুদ্ধ এৰাই চলিব।
ইয়াৰ পিছতেই তালিবানীয়ে আফগানিস্তানত পুনৰ যুদ্ধ আৰম্ভ কৰি দিছে। ইতিমধ্যে প্ৰায় ৩৬০০০ সাধাৰণ মানুহৰ মৃত্যু হৈছে। যুক্তৰাষ্ট্ৰয়ো সৈন্য অপসাৰণৰ কাম খৰতকীয়াকৈ হাতত লৈছে। বাতৰিত প্ৰকাশ পাইছে যে তালিবানীয়ে আফগানিস্তানৰ ৩৯৮ খন জিলাৰ ১৯৩ খন নিজৰ দখললৈ নিছে। ১৩০ খনত যুদ্ধ চলি আছে। ৭৫ খন জিলা ৰাষ্ট্ৰৰ হাতত আছে। সকলোতে আধিপত্য বিস্তাৰ কৰিবলৈ হয়তো বেছি সময় নালাগিব।
আফগানিস্তানৰ প্ৰায় ১০০০ সৈন্য পলাই গৈ কাজাখাস্তানত আশ্ৰয় লৈছে বুলিও বাতৰিত প্ৰকাশ। অহা ১১ ছেপ্তেম্বৰত আমেৰিকাৰ সম্পূৰ্ণ সৈন্যবাহিনী আফগানিস্তানৰ পৰা অপসাৰণ কৰিব বুলি ঘোষণা কৰিছে। গতিকে আকৌ আগৰ দৰেই আফগানিস্তানত তালিবানৰ দপদপনি শুনা যাব।
উল্লেখনীয় যে ২০০১ চনৰ ১১ ছেপ্তেম্বৰত আমেৰিকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিচৰে পৰা তালিবান তথা অন্য সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নাটো তথা আমেৰিকান সৈনিকে অভিযান চলাই আহিছিল।