দীৰ্ঘদিন সুস্থ হৈ থাকিবলৈ স্বাস্থ্যসন্মত আহাৰ গ্ৰহণৰ কোনো বিকল্প নাই। দীঘলীয়া আয়ুস নিৰ্ভৰ কৰে আপোনাৰ খাদ্যাভাসৰ ওপৰত। দীৰ্ঘায়ু পাবলৈ উপযুক্ত খাদ্যৰ ওপৰত নিৰ্ভৰ কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু কোনবোৰ খাদ্য স্বাস্থ্যকৰ সেইটো জনাটো সহজ নহয়। কাৰণ স্বাস্থ্যকৰ খাদ্যৰ তালিকাখন অতি দীঘলীয়া। ইয়াৰ বিপৰীতে দীৰ্ঘায়ুৰ বাবে কি কি খাদ্য পৰিহাৰ কৰিব লাগে জানেনে ?
ধূমপান
আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ এক অধ্যয়ন অনুসৰি নিয়মিতভাৱে ধূমপান কৰাসকলেৰ আয়ুস ১০ বছৰলৈকে হ্ৰাস হয় । সুস্থ দীৰ্ঘায়ু পাবলৈ হ’লে ধূমপানৰ অভ্যাস এৰি দিব লাগে ৷ চিকিৎসকেও এই পৰামৰ্শ দি আহিছে।
চিপছ
চিপছৰ পৰা আৰম্ভ কৰি মুকলিভাৱে অতিৰিক্ত তেলত ভজা খাদ্যলৈকে—এই সকলোবোৰতে বিপুল পৰিমাণৰ কেলৰি থাকে। ইহঁতে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। যাৰ ফলত বিভিন্ন জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
অতিৰিক্ত চেনি
কোনো পুষ্টিকৰ গুণ নাই। কিন্তু চেনি কেলৰিৰে ভৰপূৰ। পুষ্টিকৰ মূল্য নথকা এই কেলৰিবোৰে বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। কেন্সাৰৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ বা বৃক্ক বিকল হোৱালৈকে অতিৰিক্ত চেনিৰ বাবে বহুতো জটিল ৰোগ হ’ব পাৰে। আৰু ফলত আয়ুস কমি যাব পাৰে।