চুলি, ছাল আদিৰ সঠিক যত্ন সকলোৱে লয় ৷ কিন্তু বহু সময়ত আমি ভৰিৰ কথা সম্পূৰ্ণৰূপে পাহৰি যাঁও । বিশেষকৈ বহুতৰে আছে গোৰোহা ফটাৰ সমস্যা ৷ সাধাৰণ যত্নেৰে আপুনিও এই সমস্যাৰ পৰা উক্তি পাব পাৰে ৷ কেনেদৰণে ল’ব গোৰোহাৰ যত্ন ৷
১) ভৰিৰ ছাল আৰ্দ্ৰ কৰি ৰাখিব লাগে
নেমুৰ ৰসত থকা এচিডে ছালৰ বিভিন্ন সংক্ৰমণ পৰিষ্কাৰ কৰাত সহায় কৰে। নেমুৰ ৰসৰ ওপৰত নিৰ্ভৰ কৰি ভৰিৰ গোৰোহা ফাটি যোৱাৰ পৰা মুক্তি পাব পাৰে। কিন্তু কেৱল নেমুৰ ৰস ব্যৱহাৰ কৰিলেই নহ’ব। লগত ৰাখিব লাগিব পেট্ৰলিয়াম জেলী । এই দুয়োটাৰ সংমিশ্ৰণে ছালৰ আৰ্দ্ৰতা ঘূৰাই অনাত অতি ফলপ্ৰসূ। ১ চামুচ পেট্ৰলিয়াম জেলী আৰু ২ চামুচ নেমুৰ ৰস মিহলাই ফাটি যোৱা গোৰোহাত লগাব। আপুনি উপকৃত হ’ব ৷
২) বিশেষ মোজা পিন্ধক
ভৰিৰ ছাল আৰ্দ্ৰ কৰি ৰাখিবলৈ এক বিশেষ ধৰণৰ মোজা পোৱা যায়। এলোভেৰা, ভিটামিন ই আৰু শ্বিয়া বাটাৰৰ সৈতে মিহলি কৰা এই মোজাবোৰে গোৰোহা ফাটি যোৱা ৰোগৰ পৰা উপশম দিয়ে।
৩) ভৰি গৰম পানীত তিয়াই থওক
কৰ্মস্থলীৰ পৰা আহি কোনো কাম কৰিবলৈ মন নাযায় যদিও ভৰি দুখন গৰম পানীত চেম্পু দি তিয়াই দিব। ভৰিৰ ছাল আৰু গোৰোহা ফাটি যোৱা, দুয়োটা সমস্যা নাইকিয়া হ’ব।