বাৰিষাৰ কালত অশান্তিকৰ এক পৰিৱেশৰ সৃষ্টি কৰে মহৰ উপদ্ৰৱে। কেৱল বাৰিষাই নহয় , শীত কালতো মহৰ উপদ্ৰৱ কমি নাযায় । কিন্তু বাৰিষা কালতহে মহৰ বংশবৃদ্ধি হয় আৰু মেলেৰীয়া, ডেংগু আদিৰ দৰে ৰোগ কঢ়িয়াই এই মহবোৰে।
আচৰিত যেন লাগিলেও সঁচা যে নিজৰ ঘৰৰ চৌপাশত বিশেষ কেইজোপামান গছ থাকিলে মহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থকিব পাৰি।
এই গছসমূহ হ’ল-
- তুলসী গছে পৰিবেশ বিশুদ্ধ আৰু বীজাণুমুক্ত কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও তুলসীৰ একাধিক স্বাস্থ্য তথা আয়ুৰ্বেদিক গুণ আছে। তুলসী গছে মহ, মাখি , পোক আদিবোৰ দূৰ কৰি ৰখাত সহায় কৰে।
- নহৰু গছেও বায়ু বিশুদ্ধ কৰে। নহৰু গছ থাকিলেও মহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পৰা যায়।
- নেমু পাতৰ গোন্ধ মহ-মাখি য়ে সহ্য কৰিব নোৱাৰে। বাৰীত নেমু গছ থাকিলে মহ- মাখি আৰু কিছু বিষাক্ত পোক-পতংগও আঁতৰি থাকে।
- নাৰ্জি ফুলৰ গোন্ধ এনে যে তাত কোনো মাখি বা পখিলাও নপৰে। এই ফুলত এক ঔষধিযুক্ত গুণ থকাৰ বাবে তাৰ গোন্ধ মহ- মাখি , পোক-পৰুৱাই সহ্য কৰিব নোৱাৰে। গতিকে ঘৰৰ চাৰিওকাষে নাৰ্জি ফুলৰ গছ লগালে মহ- মাখি আঁতৰি থকাৰ লগতে ঘৰৰ সৌন্দৰ্যও বৃদ্ধি হ’ব।
- লেভেন্দাৰ ফুলৰ গোন্ধয়েও মহ-মাখি খেদুৱাত সহায় কৰে। দেখিবলৈ অত্যন্ত সৌন্দৰ্যবৰ্দ্ধক এই ফুলৰ গছ ঘৰত লগাব পৰা যায়। আনহাতে এই ফুলৰ গছ খুব সহজলভ্যও নহয় । গতিকে তাৰ বিকল্প হিচাপে লেভেন্দাৰ ফুলৰ গোন্ধ থকা সুগন্ধি বা ৰুম ফ্ৰেছনাৰ ব্যৱহাৰ কৰিব পৰা যায়।