প্ৰতি বছৰে বিশ্বৰ অসংখ্য মানুহ হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হয়। যদিহে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগবোৰ প্ৰাথমিক স্তৰত ধৰা নপৰে সেইবোৰ ভৱিষ্যত স্বাস্থ্যৰ ক্ষেত্ৰত বিপদজনক হ’ব পাৰে।
২০০০ চনত বিশ্ব হৃদযন্ত্ৰ সংঘই বিশ্ব হৃদযন্ত্ৰ দিৱসক বাৰ্ষিক অনুষ্ঠান হিচাপে প্ৰৱৰ্তন কৰে। তেতিয়াৰ পৰাই সমগ্ৰ পৃথিৱীৰ লোকসকলক তেওঁলোকৰ হৃদয়ৰ যত্ন ল’বলৈ সোঁৱৰাই দিয়াৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। সাৱধানতাই ৰোগৰ মহৌষধ বুলি কোৱা হয়। হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ প্ৰতিৰোধ কৰিবলৈ এজন ব্যক্তিয়ে বিভিন্ন অনুশীলনৰ দ্বাৰা সু-স্বাস্থ্য বজাই ৰাখিব পাৰে। ইয়াত এনে ধৰণৰ পাঁচটা উপায় অৱলম্বন কৰাৰ কথা কোৱা হৈছে।
যদিহে আপোনাৰ ওজন অধিক অথবা আপুনি মেদবহুল তেন্তে ই হৃদৰোগৰ সন্মুখীন হোৱাৰ আশংকা বৃদ্ধি কৰিব পাৰে। ওজন বা মেদবহুলতা হৃদৰোগৰ অন্যান্য বিপদাশংকাৰ কাৰকৰ সৈতে সম্পৰ্কিত, যেনে উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ, আৰু ডায়েবেটিচ। আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিলে বিপদাশংকা হ্ৰাস হ’ব পাৰে।
অত্যাধিক সুৰা পান কৰিলে কেৱল আপোনাৰ ৰক্তচাপেই বৃদ্ধি নহয় ই অতিৰিক্ত কেলৰিও যোগ কৰে। সুৰাপান আৰু ধূমপানে হৃদৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। চিগাৰেট সেৱনে এজন ব্যক্তিৰ ৰক্তচাপ বৃদ্ধি কৰে আৰু তেওঁলোকৰ হৃদযন্ত্ৰৰ আক্ৰমণ আৰু ষ্ট্ৰোক হোৱাৰ আশংকা অধিক কৰে।
মানসিক চাপ বিভিন্ন সমস্যাৰ মূল কাৰণ হ’ব পাৰে। চাপ নিয়ন্ত্ৰণ অতিকে আৱশ্যকীয় আৰু বিশেষকৈ ক’ভিড১৯ মহামাৰীৰ সময়ত এই ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিব লাগে। চাপৰ ফলত ৰক্তচাপ বৃদ্ধি হয় আৰু অত্যাধিক চাপ হৃদযন্ত্ৰ আক্ৰমণৰ বাবেও এক “ট্ৰিগাৰ” হ’ব পাৰে। চাপৰ সৈতে মোকাবিলা কৰাৰ বাবে কিছুমান অতি সৰু সৰু কথাত গুৰুত্ব দিব লাগে। যেনে অত্যাধিক খোৱা, অত্যাধিক সুৰাপান, আৰু ধূমপান, আজি বহুলভাৱে প্ৰচলিত কিন্তু সেইবোৰ আপোনাৰ হৃদয়ৰ বাবে বেয়া। ব্যায়াম কৰা, সংগীত শুনা অথবা যোগাসন-ধ্যান আদি বিষয়বোৰ গুৰুত্ব সহকাৰে ল’ব লাগে।
ডায়েবেটিচ ৰোগে হৃদৰোগ হোৱাৰ আশংকা দুগুণ বৃদ্ধি কৰে। দিন যোৱাৰ লগে লগে উচ্চ ৰক্ত শৰ্কৰাই এজন ব্যক্তিৰ ৰক্তনলী আৰু হৃদযন্ত্ৰ নিয়ন্ত্ৰণ কৰা স্নায়ুবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। সেয়েহে, আপোনাৰ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰখা অতি জৰুৰী।
আপোনাৰ টোপনিৰ সৈতে আপোচ নকৰিব কিয়নো পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু ডায়েবেটিচৰ সম্ভাৱনা বৃদ্ধি হয়। এই ৰোগবোৰে হৃদযন্ত্ৰক আৰু দুৰ্বল কৰি তোলে। বেছিভাগ প্ৰাপ্তবয়স্কই নিশা ৭-৯ ঘণ্টা পৰ্যন্ত শুব লাগিব। যদি আপোনাৰ টোপনি যোৱাত সমস্যা হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।