নাৰী সবলীকৰণৰ অন্য এক সংযোজন ঘটিল ভাৰতীয় সেনা বাহিনীত। প্ৰথমবাৰলৈ পাঁচ গৰাকী মহিলা সেনা বিষয়াক পদোন্নতি দিলে কৰ্নেল পদলৈ।ভাৰতীয় সেনাৰ ছিলেকশ্যন ব’ৰ্ডে পাঁচ গৰাকী মহিলা সেনা বিষয়াক কৰ্নেললৈ পদোন্নতি দিয়াৰ অনুমোদন জনাইছে।
ক’ৰ অৱ ছিগনেল,ক’ৰ অৱ ইলেক্ট্ৰনিক এণ্ড মেকানিকেল ইঞ্জিনীয়াৰ্ছ আৰু ক’ৰ অৱ ইঞ্জিনীয়াৰ্ছত কৰ্মৰত মুঠ পাঁচ গৰাকী মহিলা বিষয়াক প্ৰথমবাৰৰ বাবে পদলৈ পদোন্নতি দিছে।
পূৰ্বতে আৰ্মি মেডিকেল ক’ৰ( এ এম চি ) জাজ এদভ’কেট জেনেৰেল(জে এ জি )আৰু আৰ্মী এডুকেশ্যন ক’ৰ( এ ই চি )ৰ মহিলা বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা আছিল যদিও প্ৰথম বাৰৰ বাবে ক’ৰ অৱ ছিগনেল, ক’ৰ অৱ ইলেক্ট্ৰনিক এণ্ড মেকানিকেল ইঞ্জিনীয়াৰ্ছ আৰু ক’ৰ অৱ ইঞ্জিনিয়াৰ্ছ ক্ষেত্ৰত এই পদোন্নতি দিয়ে ভাৰতীয় সেনা বাহিনীয়ে।
বিশেষকৈ লিংগ বৈষম্য দূৰ কৰিবৰ বাবে ছিলেকশ্যন বৰ্ডে গ্ৰহণ কৰা এই পদোন্নতি প্ৰক্ৰিয়াত ক’ৰ অৱ ছিগনেলৰ লেফটেনেন্ট কৰ্নেল সংগীতা ছাৰড’না, লেফেটেনেন্ট কৰ্নেল ছোনিয়া আনন্দ আৰু ক’ৰ অৱ ই এম ইৰ লেফেটেনেন্ট কৰ্নেল নৱনীত ডুগল, ক’ৰ অৱ ইঞ্জিনীয়াৰ্ছৰ লেফেটেনেন্ট কৰ্নেল ৰিচ্ছা সাগৰ,লেফেটেনেন্ট কৰ্নেল ৰেণু খান্নাক কৰ্নেল পদলৈ পদোন্নতি দিয়ে।