নয়দাত অচিনাক্ত আক্ৰমণকাৰীৰ গুলীত ঘুলীবিদ্ধ হৈছিল ৰোলি প্ৰজাপতি নামৰ কণমানি ছোৱালীজনী । যাৰ পিছত কণমানিজনীক ততাতৈয়াকৈ লৈ যোৱা হৈছিল এখন চিকিৎসালয়লৈ ।যোৱা ২৭ এপ্ৰিলত হোৱা এই শোকাবহ ঘটনাত কণমানিজনীৰ ব্ৰেইন ডেথ হোৱাৰ পিছত পিতৃ-মাতৃয়ে তেওঁৰ অংগ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত দান কৰে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা কথা-বতৰাত হাস্পতালখনৰ নিউৰোচাৰ্জাৰীৰ অধ্যাপক আৰু ট্ৰমা চেণ্টাৰৰ অংগ সংগ্ৰহ সেৱাৰ দায়িত্বত থকা ড০ দীপক গুপ্তাই কৈছিল যে, প্ৰতিষ্ঠানটোত উপস্থিত হোৱাৰ সময়ত শিশুটিৰ মগজুৰ গুৰুতৰ ক্ষতি হৈছিল আৰু তেওঁক চিকিৎসা প্ৰদান কৰা হৈছিল।
“তেওঁৰ ১২ ঘণ্টাৰ ব্যৱধানত বিভিন্ন পৰীক্ষা কৰা হৈছিল যদিও ব্ৰেইন ফেইল হোৱা দেখা গৈছিল। আমি পৰিয়ালটোৰ সৈতে কথা পাতিছিলো আৰু অংগ দানৰ বিকল্পৰ পৰামৰ্শ দিছিলো, যিটো তেওঁলোকে সন্মতি দিছিল।”- এনেদৰে কয় ডা০ গুপ্তাই।
পিতৃ-মাতৃয়ে সন্মতি প্ৰদান কৰাৰ পিছতে ৰোলী চিকিৎসালয়ৰ ইতিহাসৰ আটাইতকৈ কনিষ্ঠ অংগ দাতা হোৱাৰ লগতে আন পাঁচটা শিশুৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ছবছৰীয়া কণমানিজনী। দান কৰা অংগবোৰৰ আৱণ্টন ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই (নোটো) কৰিছিল। ৰোলিৰ যকৃত লক্ষ্ণৌৰ এটা সাত বছৰীয়া শিশুৰ দেহত সংৰোপণ কৰা হৈছিল আৰু বৃক্ক সংৰোপণ কৰা হৈছিল এটি ১২ বছৰীয়া শিশুৰ দেহত ।