স্বাস্থ্য ৰক্ষাৰ বাবে মাছ অতি প্ৰয়োজনীয় এবিধ ব্যঞ্জন।বিভিন্ন গৱেষণাত প্ৰকাশ যে সপ্তাহত দুদিন হলেও মাছ খোৱাৰ অভ্যাস কৰিব লাগে।কিয়নো মাছত থকা বিভিন্ন ভিটামিন, প্ৰটিন এন্টী-অক্সিডেন্ট আৰু খনিজ লৱণে মানুহৰ শৰীৰটোক বহু কেইটা ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে।
(১) মাছ খোৱা লোকৰ ষ্ট্ৰক হোৱাৰ সম্ভাৱনা প্ৰায় ১৫% কম হ‘য়।যিহেতু মাছত থকা এন্টী অক্সিডেন্ট আৰু অ‘মেগা ৩ ফেঁটী এচিডে মানুহৰ ৰক্তচাপ সন্তোলন কৰি ৰখাত সহায় কৰে।
(২) মাছে শিশুৰ মগজুৰ বিকাশ কৰাৰ লগতে চকুৰ দৃষ্টি শক্তি অটুত ৰাখে।মাছত থকা ডিএইচএ অৰ্থাৎ দকছা হেক্সানৈক এচিড আৰু অ’মেগা ৩ ফেঁটী এচিডে শিশুৰ মগজু বিকাশ কৰাৰ লগতে চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে।
(৩) ইয়াৰলগতে মানুহৰ এটা ডাঙৰ সমস্যা হৈছে টোপনি নহা। কিন্তু মাছ খালে আপোনাৰ এই টোপনিৰ সমস্যা বহুখিনি লাঘৱ হ‘ব। মাছত থকা যথেষ্ট পৰিমাণৰ ডি ভিটামিনে আপোনাৰ টোপনিৰ মান উন্নত কৰিব পাৰে।
(৪) ডায়বেটিচ ৰোগীও সপ্তাহত ৩৪০ গ্ৰাম মাছ খালে উপকাৰ পাব পাৰে।কিয়নো মাছৰ এন্টী অক্সিডেন্ট অ’মেগা ৩ ফেঁটী এচিডে ইনচুলিন হৰম’ন ক্ষৰণ কৰা অগ্নাশয় গ্ৰন্থিৰ কোষবোৰক সতেজ কৰি হৰম’ন ক্ষৰণ তড়িৎ কৰিব পাৰে।
(৫) সাধাৰণতে ৬০ উৰ্ধৰ লোকে দৈনিক মাছ খালেও বেয়া নহ’য়। যিহেতু বৃদ্ধাৱস্থাত মানুহৰ মগজুৰ ৰোগৰ আশংকা বৃদ্ধি পায়।বৃদ্ধাৱস্থাত সাধাৰনতে মানুহৰ ডিমেনচিয়া, এলজেইমাৰ দৰে ৰোগ হোৱাৰ আশংকা থাকে। গতিকে মাছত থকা ডিএইচএ আৰু অ‘মেগা ৩ ফেঁটী এচিডে মগজুৰ এক গুৰুত্বপূৰ্ণ অংশ গ্ৰেই মেটাৰ ক পৰিপুষ্টি প্ৰদান কৰে।আনকি মাছে মানসিক চাপো হ্ৰাস কৰে।
(৬) ইয়াৰোপৰি হাড়ৰ গঠনত সহায় কৰা মাছে মানুহৰ গাঁঠিৰ বিষ আদিও কম কৰে।
(৭)আনহাতে শিশুৰ হাঁপানী ৰোগ প্ৰতিৰোধ কৰাত মাছে সহায় কৰে।মাছ খাবলৈ ভাল পোৱা শিশুৰ এই ৰোগ হোৱাৰ আশংকা প্ৰায় ২৪% কম থাকে।
আমিষভোজী লোকৰ মাছ এবিধ প্ৰিয় খাদ্য যদিও কোনো কোনো ৰোগৰ ক্ষেত্ৰত বিভিন্ন প্ৰজাতিৰ মাছে ভিন্ন ৰোগত অপকাৰো কৰিব পাৰে। তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাছ সেৱন কৰা উচিত।