আই আই এছ চি বাংগালোৰৰ পৰা মুম্বাইৰ আই আই টি লৈকে ভাৰতত বহুকেইটা জৈৱ বৈচিত্ৰ্য সমৃদ্ধ শৈক্ষিক চৌহদ আছে। ইয়াত অসংখ্য বন্যপ্ৰাণীক নিজা ভূমিত বাস কৰাৰ দৰেই আদৰ কৰা হয়।
উজনি অসমৰ ডিগবৈ মহাবিদ্যালয় বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অন্যান্য প্ৰতিষ্ঠানসমূহতকৈ বহু বেছি ওপৰত। বৰ্ষাৰণ্যৰ ভিতৰৰ এই মহাবিদ্যালয়খনে কেইবাজনো যুৱ পৰিৱেশবিদৰ জন্ম দিছে।
মহাবিদ্যালয়খনে ইয়াৰ সীমা উজনিৰ দিহিং হস্তী সংৰক্ষিত বনাঞ্চলৰ সৈতে ভাগ-বতৰা কৰে আৰু ই শেহতীয়াকৈ স্বীকৃতি দিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ ২২ কিলোমিটাৰ দূৰৈত অৱস্থিত। আনহাতে ডিগবৈ বন বিভাগৰ অধীনৰ চৰাইপুং ক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ পথবোৰৰ ভিতৰত এটা। এয়া মহাবিদ্যালয়ৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ দূৰত।
মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ৰাজিব ৰুদ্ৰ টাৰিয়াঙে বিগত বছৰবোৰত চৌহদত দেখা পোৱা প্ৰাণীবোৰৰৰ বিশাল পৰিসৰৰ বিষয়ে জনোৱা অনুসৰি মুঠতে ১৯ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ১৮০ প্ৰজাতিৰ চৰাই, ৩৩ প্ৰজাতিৰ সাপ, ১২ প্ৰজাতিৰ জেঠী, ১৬৭ প্ৰজাতিৰ পখিলা, সাত প্ৰজাতিৰ পতংগ আৰু অন্যান্য মকৰা পতংগ চিনাক্ত কৰা হৈছে।
মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে চৌহদৰ বৈচিত্ৰ্যৰ সম্পদ হেৰাই যোৱা নাই। বৰঞ্চ চৌহদৰ সেউজীয়াই পৰিৱেশ-সচেতন যুৱক-যুৱতীসকলৰ এক সম্পূৰ্ণ ফচলৰ সৃষ্টি কৰিছে।
মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ২০২০ চনত দিহিং পাটকাইত অবৈধ কয়লা খননৰ প্ৰতিবাদত ৰাজ্যজুৰি হোৱা “আই-এম-দিহিং-পাটকাই” ভাৰ্চুৱেল অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
মহাবিদ্যালয়খনৰ অৱস্থান পৰিস্থিতিগতভাৱে কিমান সমৃদ্ধ সেয়া বিবেচনা কৰাটো অত্যন্ত কঠিন। মহাবিদ্যালয়খনৰ বাণিজ্য বিভাগৰ শিক্ষক তথা চৰাইচিকাৰী কাৰ্টুনিষ্ট দেৱৰ্ষি গগৈৰ ভাষ্য অনুসৰি, ২০১২ চনত কেৱল চৌহদত জন্তুবোৰৰ বাবে এখন কৃত্ৰিম ফলৰ বাগিচা তৈয়াৰ কৰা হৈছিল। সুগৰী পহুবোৰে চৌহদৰ ভিতৰতে পোৱালি জন্ম দিছে। হাতীৰ জাকবোৰো শীতকালত চৌহদৰ ভিতৰলৈ যায়। এবাৰ এটা নাহৰফুটুকী বাঘে হৰিণৰ মূৰ কলেজৰ চাইকেল ষ্টেণ্ডৰ কাষত পেলাই থৈ গৈছিল।
১৯৮৪ চনৰ পৰা মহাবিদ্যালয়খনত কৰ্মৰত পুথিভঁৰালৰ সহায়ক হেৰম্ব পাটগিৰি বৰ্তমান আটাইতকৈ পুৰণি কৰ্মচাৰী। তেখেতে পূৰ্বতে চৌহদৰ ভিতৰত ধোল (বনৰীয়া কুকুৰ) আৰু বনৰীয়া বৰা গাহৰি দেখাৰ কথা মনত পেলাইছিল।
মহাবিদ্যালয়খন চৰাইবিলাকৰ বাবেও এটা সোণৰ খনি। দেৱৰ্ষি গগৈৰ মত অনুসৰি নগা ধাপলিকা আৰু ৰষ্টি বেলিড চৰ্ট উইঙৰ দৰে কিছুমান অতি বিৰল চৰাই মহাবিদ্যালয়ৰ চৌহদত পোৱা যায়।
সাতখন মহাদেশজুৰি এক অবিৰাম যাত্ৰাত ২০১৫ চনত বিশ্বৰ আনুমানিক ১০,৪০০ প্ৰজাতিৰ ভিতৰত ৬,৪০২ টা চৰাই চিনাক্ত কৰি বিশ্ব অভিলেখ গঢ়া আমেৰিকান পক্ষীবিদ নোহ ষ্ট্ৰাইকাৰৰ ভ্ৰমণসূচীতো মহাবিদ্যালয়খন আছিল।
২০০৮ চনৰ পৰা ডিগবৈ মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা টাৰিয়াং এজন সাপ ধৰা বিশেষজ্ঞ ব্যক্তি। তেওঁ নিশ্চিত যে অঞ্চলটোত কোনেও সাপক হত্যা নকৰে। যেতিয়াই এটা সাপ দেখা যায় তেতিয়াই তেওঁ বছৰ বছৰ ধৰি প্ৰশিক্ষণ দি অহা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে সাপৰ যত্ন লয়। প্ৰতি বছৰে তেখেতৰ বিভাগৰ কেইজনমান শিক্ষাৰ্থীয়ে সাপ ধৰিবলৈ শিকে।
মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বা এন এছ এছ গোটে ৮৬টা পৰিয়ালৰ বাসগৃহ চৰাইফুং বন গাওঁ গ্ৰহণ কৰিছে। গাওঁবাসীসকলক আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই প্ৰশিক্ষণত গোটা আৱৰ্জনাক জৈৱিক সাৰলৈ ৰূপান্তৰ কৰাৰ শিক্ষা দিয়া হয়।
ডিগবৈ মহাবিদ্যালয় পৰিৱেশ কোষে অসমৰ ৰাজ্যিক জন্তু, ডিগবৈ আৰু ইয়াৰ আশে-পাশে থকা দেও হাঁহৰ বাসস্থান চিনাক্ত কৰাৰ বাবে এটা প্ৰকল্পও হাতত লৈছে। দেৱৰ্ষি গগৈ য’ত মুখ্য অনুসন্ধানকাৰী।
ছাত্ৰ-ছাত্ৰীসকলো মহাবিদ্যালয়খনৰ অংশ হ’বলৈ পাই অত্যন্ত সুখী আৰু আনন্দিত। ইয়াৰ পৰিৱেশে তেওঁলোকক অনন্য মাদকতা দিয়ে। ( লেখাটো দ্যা ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা সংগৃহীত)