মৰিগাঁও জিলাৰ বৰঙাবাৰী গাঁৱৰ এটি ৭০/৮০বছৰ পুৰণি বাসগৃহ ৷ এই পুৰণি বাসগৃহটোৰ আছে এক বৈশিষ্ট ৷যি প্ৰকৃতাৰ্থত এখন সাধাৰণ ঘৰ নহয় ৷ বাহিৰৰ পৰা দেখাত অতি সাধাৰণ যেন লাগিলেও ই প্ৰকৃততে এখন অসাধাৰণ ঘৰ ৷ কিয় অসাধাৰণ সেই কথা সামাজিক মাধ্যম ফেচবুকত কেইখনমান সুন্দৰ ফট’ আপলোড কৰি ব্যক্ত কৰিলে কবি তথা প্ৰকাশক অজিত কুমাৰ ৰায়ে ৷ আনহাতে ঘৰটোত কিছু মূহুৰ্ত কটাই আৱেগিক হৈ পৰাৰ কথাও ব্যক্ত কৰিলে প্ৰকাশক গৰাকীয়ে৷
৭০/৮০ বছৰীয়া এই বাসগৃহটোৰ কেইখন মান ফট’ আপলোড কৰি অজিত কুমাৰ ৰায়ে লিখিলে যে অবিভক্ত নগাঁও জিলাৰ আৰু বৰ্তমানৰ মৰিগাঁও জিলাৰ অন্তৰ্গত সকলো দিশৰ পৰাই এখন চহকী গাওঁ বৰঙাবাৰী গাওঁখন ৷ এই গাঁৱৰ এই স্থানত এই গৃহত জন্ম লাভ কৰিছিল সমাজকৰ্মী আৰু ব্যবসায়ী শ্ৰদ্ধাৰ যতীন্দ্ৰ নাথ বৰা , এসময়ৰ অসমৰ বৃত্ত আৰু ৰাজহ মন্ত্ৰী শ্ৰদ্ধাৰ মতিৰাম বৰা আৰু প্ৰাক্তন আই ,জি,পি শ্ৰদ্ধাৰ দেবেন্দ্ৰ নাথ বৰাই ৷
তেওঁ উল্লেখ কৰিলে যে এই বাসগৃহতো আজিৰ পৰা হয়তো প্ৰায় ৭০ – ৮০ বছৰ আগতেই নিৰ্মাণ কৰা হৈছিল ৷ অৱশ্যে পশ্চিম দিশত অৱস্থিত ঘৰটোৰ কিছু অংশই প্ৰায় শতাধিক বছৰ অতিক্ৰম কৰিলে ৷ অসমৰ তিনিজনকৈ সুযোগ্য সন্তানে জন্ম লাভ কৰা এই বাসগৃহত সমাজকৰ্মী আৰু ব্যবসায়ী যতীন্দ্ৰ নাথ বৰাৰ মাজু পুত্ৰ শ্ৰীযুত মনিন্দ্ৰ বৰা আৰু সুযোগ্যা বোৱাৰী তথা বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ কুমাৰ কিশোৰ দেবৰ জীয়ৰী শ্ৰীযুতা পূৰবী বৰাৰ সৈতে কটোৱা কিছু মূহুৰ্তৰ কথা ব্যক্ত কৰি আবেগিক হৈ পৰা অজিত কুমাৰ ৰায়ে পুনৰ ক’লে যে তেওঁ এনে অনুভৱ কৰিছে যে সেই বিশেষ ব্যক্তিকেইজনক যেন এই বিশেষ ঘৰটোৱে আজিও প্ৰতিনিধিত্ব কৰি আছে ৷