শৈশৱৰে পৰা অৰণ্য আৰু হাতীৰ লগত মিতিৰালি। অৰণ্য আৰু হাতীৰ লগত তেওঁৰ সম্পৰ্কৰ কাহিনী যেনে ৰোমাঞ্চকৰ , তেনে চিত্তাকৰ্ষক আৰু হৃদয়স্পৰ্শী। সমাজৰ মান-সন্মান , প্ৰতিপত্তি , নগৰীয়া ঐশ্বৰ্য আৰু বিলাসবহুল জীৱনৰ পৰা আতৰি আহি বিশাল অৰণ্যৰ প্ৰেমত তেওঁ মতলীয়া হৈছিল। বনৰ হাতীক পোহ মনাই কৰি লৈছিল মনৰ গৰাকী। হাতীয়েই হৈ পৰে তেওঁৰ বন্ধু , সখী আৰু সন্তানৰ দৰে। নিজৰ জীৱনতকৈ হাতীৰ চিন্তাতেই তেওঁ ব্যস্ত আছিল অধিক সময়।
অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু বৰ্তমানৰ ধুবুৰী জিলাৰ গৌৰিপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰি পাৰ্বতী বৰুৱা। বিখ্যাত হস্তী বিশেষজ্ঞ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা (লালজী ) পাৰ্বতী বৰুৱাৰ পিতৃ আছিল। লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে আছিল তেওঁৰ জেষ্ঠা ভগ্নী।
অৰণ্যত বনৰীয়া হাতী ধৰি আনি পোহ মনোৱাৰ কাৰ্য অতি কষ্টসাধ্য আৰু বিপদজনক। এনে দুঃসাহসিক কাম বলী ,সাহসী আৰু কৌশলী পুৰুষৰ বাবেহে সম্ভৱ। পাৰ্বতী বৰুৱা নাৰী হৈ পিচপৰি নাথাকিল। এক বিৰল ব্যক্তিত্বৰ ব্যতিক্ৰমী ৰূপত হাতী ধৰা ফান্দী ৰূপে পাৰ্বতী বৰুৱাই নিজকে প্ৰতিষ্ঠিত কৰিলে। মাত্ৰ ১৪ বছৰ বয়সতে “মেলা চিকাৰ ” পদ্ধতিৰে প্ৰথম হাতী ধৰে এসময়ৰ এছিয়াৰ সৰ্ববৃহৎ শালনি কচুগাঁও অৰণ্যত। তিনি বছৰৰ ভিতৰত অসমৰ কচুগাওঁ , দৰং আৰু উত্তৰ বংগৰ জলপাইগুৰি আৰু দাৰ্জিলিঙত নিজৰ প্ৰচেষ্টাৰে ১২ টা হাতী ধৰি প্ৰশিক্ষণ দিয়ে। অসমত তেওঁৰ এই ব্যতিক্ৰমী প্ৰতিভাৰ বিষয়ে কোনো ধৰণৰ চিন্তা-চৰ্চা হোৱাই নাছিল যদিও পশ্চিম বংগৰ বন বিভাগে ১৯৮০ চনৰে পৰা হাতীৰ সমস্যা সংক্ৰান্ত নানা বিষয়ত পাৰ্বতীৰ সহায় সহযোগীতা আৰু পৰামৰ্শ ল’বলৈ আৰম্ভ কৰে ।
অৰণ্যত বাট হেৰুৱাই দিকভ্ৰান্ত হোৱা হাতীৰ জাক এটাই হাবি সংলগ্ন গাওঁবোৰত আক্ৰমণ চলাইছে। ঘৰ-দুৱাৰ ভাঙিছে , মানুহো মাৰিছে। বন বিভাগ নিৰুপায় হৈছে । এগৰাকী ক্ষীণকায়া নাৰী সকলোকে আচৰিত কৰি আগবাঢ়ি আহিল আৰু দিকভ্ৰান্ত বনৰীয়া হাতীৰ জাকটোক সিঁহতৰ বাসস্থানলৈ উভতি যোৱাৰ নিৰাপদ বাট দেখুৱাই দিলে । হাতীও ৰক্ষা পৰিল আৰু মানুহৰো মংগল হ’ল। অসাধাৰণ নাৰী গৰাকীৰ খ্যাতি বিশ্বত বিয়পি পৰিল। বিশ্ববিখ্যাত চলচিত্ৰ সংস্থাই “কুইন অব দি এলিফেণ্টছ” অৰ্থাৎ “হাতীৰ ৰাণী” আখ্যা দি তেওঁৰ বিষয়ে নিৰ্মাণ কৰিলে এক দীঘলীয়া তথ্যচিত্ৰ। “হাতীৰ ৰাণী” অসমৰ পাৰ্বতী বৰুৱাই স্বীকৃতি লাভ কৰিলে বিশ্বৰ একমাত্ৰ মহিলা হস্তী প্ৰশিক্ষক , ফান্দী আৰু মাউতৰূপে।
পাৰ্বতীয়ে অসাধ্য সাধন কৰিছিল। হাবিৰ মাজে মাজে থকা গাওঁবোৰত “হাতীৰ দেৱী” ৰূপে জনাজাত হৈ পৰিল পাৰ্বতী। ১৯৮৯ চনত ৰাষ্ট্ৰসংঘই পাৰ্বতীলৈ আগবঢ়ালে “গ্লোবেল-৫০০ বঁটা। ১৯৯২ চনত বিশ্ববিখ্যাত গৱেষণামূলক চলচিত্ৰ সংস্থা ‘ডিছকভাৰী চেনেলে’ এ পাৰ্বতী বৰুৱাৰ বিষয়ে দীঘলীয়া তথ্যচিত্ৰ নিৰ্মাণ কৰি তেওঁক আখ্যা দিয়ে “কুইন অব দা এলিফেণ্টছ “। মাৰ্ক শ্বেণ্ডে “কুইন অব দা এলিফেণ্টছ” নামেৰে কিতাপ এখন প্ৰকাশ কৰে বৃটেইনৰ নামজ্বলা প্ৰকাশন সংস্থা ‘জনাথন কেপ’-এ। সম্ভৱত পাৰ্বতী বৰুৱাই একমাত্ৰ অসমীয়া যাক লৈ বিদেশত পূৰ্ণাংগ পৰ্যায়ত চলচিত্ৰ নিৰ্মিত হৈছে বা গ্ৰন্থ প্ৰকাশ পাইছে।পাৰ্বতী বৰুৱাৰ এই সন্মান অসমৰ সন্মান , সমগ্ৰ ভাৰতৰ সন্মান।