তালিবানৰ হাতৰ পৰা বাচিবলৈ এটা জনশূণ্য ৰাজপথত অকলশৰীয়া হৈ পৰা ছাহাৰা কাৰিমিয়ে কেৱল দৌৰিছে। আৰু সেই দৃশ্য নিজৰ ম’বাইল কেমেৰাত আৱদ্ধ কৰি বিশ্ববাসীলৈ এৰি দিছে আফগানিস্তানৰ প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালিকা ছাহাৰাই।
ছবি নিৰ্মাণ কৰাৰ দৰে নিজৰ এক ভয়াৰ্ত দৃশ্য কেমেৰাত বন্দী কৰি মহিলা শূণ্য হৈ পৰা কাবুলৰ ৰাজপথৰ এখন ভয়ংকৰ ছবি দাঙি ধৰিলে এইগৰাকী পৰিচালিকাই।
ঘটনা অনুসৰি বেংকৰ পৰা ওলাই আহি ৰাজপথত ভৰি দিয়া ছাহাৰাই দেখিছিল হাতত মাৰণাস্ত্ৰ লৈ খোলা জীপত অহা এদল তালিবানী উগ্ৰপন্থী। তালিবান মানেই আফগানি মহিলাৰ এক আতংক এক শিহৰণ।সেইয়েহে তালিবানিক দেখি মহিলা সকলে কোনেও কাৰোলৈ নোচোৱাকৈ কেৱল দৌৰিছে।
সেই দৌৰৰ মাজত সোমাই পৰা ছাহাৰাইও নিজক ৰক্ষা কৰিবলৈ প্ৰানটাকি দৌৰিছে।কোনো ধৰণৰ বিনোদন তথা সংস্কৃতিৰ ঘোৰ বিৰাধী তালিবানৰ কৱলৰ পৰা বাচিবলৈ দৌৰা এই দৃশ্য নিজৰ ম’বাইল কেমেৰাত বন্দী কৰি ছ’চিয়েল মিডিয়াত এৰি দিয়ে পৰিচালিকা গৰাকীয়ে।
তৎক্ষণাত ভাইৰেল হৈ পৰা এই ভিডিঅ’ দেখি এতিয়া বিশ্ববাসীৰ বুজিবলৈ বাকী নাথাকিল যে আফগানিস্তানৰ ভিতৰচৰাত কি ঘটিছে বা মহিলা সকল কিমান সুৰক্ষিত।বিশেষকৈ তালিবানে কাবুল দখল কৰাৰ পিছত একেবাৰে মহিলা শূণ্য হৈ পৰিছে সকলো ৰাজপথ।
তালিবানৰ শাসনৰ বাবে এতিয়া আটাইতকৈ আতংকত দিন পাৰ কৰিছে মহিলা সকল। আৰু সেই আতংকৰ পৰা মুক্ত নহয় ছাহাৰা কাৰিমিৰ দৰে প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালিকাও।