প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কণী অতি প্ৰয়োজনীয়। পুষ্টিকৰ, সহজলভ্য আৰু সহজে হজম হোৱা খাদ্য, কণী ডেকা-বুঢ়া সকলোৱে খাব পাৰে। কিন্তু বহু লোকৰ কণীৰ এলাৰ্জী হয়। খাবলৈ ভাল হ’লেও এলাৰ্জীৰ ভয়ত বহুতে কণী খাবলৈ মন নকৰে। এলাৰ্জীৰ ফলত খজুৱতি, ফোহা, ফুলা, ছাল ৰঙা পৰা আদি হ’ব পাৰে। কিন্তু কণীৰ পৰা যে এলার্জী হৈছে নেকি সেয়া কেনেকৈ বুজিব?
খাদ্য এলাৰ্জী অস্বাভাৱিক নহয়৷ বিশেষকৈ প্ৰটিনযুক্ত খাদ্যৰ পৰা বহুতে এলার্জীৰ সমস্যাত ভোগে । চিকিৎসকে কয় যে শৰীৰৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰায়ে কণীত থকা প্ৰটিনক ক্ষতিকাৰক বুলি অনুভৱ কৰে। কণীৰ কুহুম আৰু বগা অংশ—দুয়োতে প্ৰটিন থাকে। কিন্তু কণীৰ কুহুম বা ‘এলবুমিন’ৰ এলাৰ্জীৰ ক্ষেত্ৰত অধিক দেখা যায়।
কণীৰ পৰা এলাৰ্জী হয় নে নাই কেনেকৈ জানিব?
কণী খোৱাৰ আধা ঘণ্টাৰ ভিতৰত যদি ছালত এলার্জীৰ লক্ষণ দেখা দিয়ে তেন্তে এই কথা বুজিব লাগে যে ব্যক্তিজনে কণী খাব নালাগে। চিকিৎসকৰ মতে, কণী খোৱাৰ পিছত যদি গোটেই শৰীৰ খজুৱতি হয় বা মুখ আৰু ডিঙি ফুলি উঠে, তেন্তে সাৱধান হোৱাটো প্ৰয়োজনীয়। হাঁচি, কাহ, নাকেৰে পানী ওলোৱা বা উশাহ লোৱাত কষ্ট হ’ব পাৰে। বহু লোকৰ পেটৰ বিষ, ডায়েৰিয়া আৰু বমিও হয়। কিন্তু কণীৰ পৰা এনাফিলেক্সিছ হোৱাৰ আশংকা থাকে। এই ধৰণৰ এলাৰ্জী জীৱনৰ বাবে সংকটজনক হ’ব পাৰে। কিন্তু, কেৱল কণী নহয়।, বাদাম, সাগৰীয় খাদ্য বা কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো এনাফিলেক্সিছ হ’ব পাৰে।