তীব্ৰ গৰমত উপশম বিচাৰি বহুলোকে ডাব নাৰিকলৰ পানী সেৱন কৰে ৷সকলোৱে জানে যে এই পানীয় বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ আৰু শৰীৰৰ বাবে উপকাৰী। বসন্তৰ দাগ আঁতৰাবলৈ বহুতে নেমুৰ ৰসৰ লগত মুখত লগায়। বহুতে হয়তো নাজানে যে ডাব নাৰিকলৰ পানীয়ে চুলিৰ যত্নৰ ক্ষেত্ৰত একে ধৰণে কাম কৰে। নিয়মিতভাৱে ডাব নাৰিকলৰ পানীৰে চুলি ধুলে সঠিকভাৱে কি কি লাভ হয়?
১) ডাবৰ পানীয়ে মূৰৰ ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। এই পানীয়ত বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। নিয়মিতভাৱে এইপানীৰে চুলি ধুলে কোনো বেক্টেৰিয়াই মূৰৰ ছালত সংক্ৰমণ কৰিব নোৱাৰে।
২) ডাব পানীত কিছুমান বিশেষ উপাদান থাকে, যিয়ে চুলিৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাত সহায় কৰে। ফলত চুলিবোৰ মাজৰ পৰা সহজে চিঙি নাযায় ৷ ইয়াৰ উপৰিও চুলি ফাটি যোৱা সমস্যা ৰোধ কৰে।
৩)বডাব নাৰিকলৰ পানীত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে কিছু খনিজ পদাৰ্থ থাকে। যিয়ে চুলি গজাত সহায় কৰে। এই পানীয়ৰ চুলিৰ গুৰিবোৰ শক্তিশালী কৰাৰ ক্ষেত্ৰতো ভূমিকা আছে।
৪) ৰুক্ষ চুলি সহজে জঁট লাগে ৷ ফণীৰে চুলি আচুৰিলে চুলি সৰি পৰাৰ পৰিমাণ বাঢ়ি যায়। কেমিকেল কণ্ডিচনাৰ বা ছিৰামৰ সলনি ডাবৰ পানী ব্যৱহাৰ কৰিলে এনে সমস্যাৰ পৰা সহজেই পৰিত্ৰাণ পাব পাৰি।
৫) ডাবৰ পানীয়ে মূৰৰ ছালৰ পি এইচ ভাৰসাম্য স্বাভাৱিক কৰি ৰাখে। সুস্থ চুলিৰ বাবে মূৰৰ ছালৰ পি এইচ বেলেন্স বজাই ৰখাটো অতি প্ৰয়োজনীয়।