৯৯ শতাংশ উত্তীৰ্ণৰে অসাধাৰণ ফলাফল প্ৰদৰ্শন কৰিলে অসমৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে। পৰীক্ষা অবিহনেই মূল্যাংকণ পদ্ধতিৰ জৰিয়তে ৩টা মাধ্যমৰ শিক্ষাৰ্থীয়ে প্ৰদৰ্শন কৰিলে অতি উচ্চমানৰ ফলাফল।
৯৯.৫৭ শতাংশ উত্তীৰ্ণৰে বাণিজ্য বিভাগে শীৰ্ষস্থান লাভ কৰাৰ সমান্তৰাল ভাৱে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ। আনহাতে বিগত বছৰবোৰৰ ৰেকৰ্ড ভংগ কৰি কলা শাখাত এইবাৰ ২০ শতাংশতকৈ অধিক উন্নয়নেৰে মুঠ উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ।
কলা শাখাত যোৱা বছৰৰ উত্তীৰ্ণৰ হাৰ আছিল ৭৮.২৮ শতাংশ। আনহাতে বিগত বৰ্ষৰ তুলনাত বিজ্ঞান আৰু বাণিজ্য শাখাত এই অগ্ৰগতি ১১ শতাংশ।
কাৰিকৰী শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.৪১ শতাংশ। বিগত বৰ্ষৰ ৯১.৫৫ শতাংশতকৈ এই হাৰ প্ৰায় ৬ শতাংশ বেছি।
২০১৮ চনৰ পৰা অসমত উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ হাৰ ক্ৰমান্বয়ে উৰ্ধমুখী হৈছিল যদিও এইবাৰৰ দৰে অসাধাৰণ ফলাফল পূৰ্বতে কেতিয়াও হোৱা নাছিল।
বিজ্ঞান শাখাৰ ৩৮,৪৩০ গৰাকী শিক্ষাৰ্থীৰ ৩২,৯১৭ জনে প্ৰথম বিভাগ, ৪,৬০৯ জনে দ্বিতীয় বিভাগ আৰু ৫৪২ জনে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়।
বাণিজ্য শাখাৰ ১৮,৪৪৩ গৰাকী শিক্ষাৰ্থীৰ ১১,১৮৯ জন প্ৰথম বিভাগ, ৫,৪৯৭ জন দ্বিতীয় বিভাগ আৰু ১,৬৭৮ জন তৃতীয় বিভাগত উত্তীৰ্ণ হয়।
কলা শাখাত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৯৯.১০ শতাংশ আৰু ছোৱালীৰ ৯৯.০৮ শতাংশ। আনহাতে বাণিজ্যত ৯৯.৮৬ শতাংশ ছোৱালীৰ তুলনাত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৯৯.৮০ শতাংশ। বিজ্ঞান শাখাত ল’ৰাৰ উত্তীৰ্ণৰ ৯৯.৮৮ শতাংশ হাৰৰ তুলনাত ছোৱালী উত্তীৰ্ণৰ হাৰ ৯৯.৮৪ শতাংশ।
কাৰিকৰী শাখাত ৯৭.৫৮ শতাংশ ছোৱালী শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ তুলনাত ল’ৰাৰ হাৰ ৯৭.৩৫ শতাংশ।
জিলা হিচাপে প্ৰদৰ্শন বিবেচনা কৰিবলৈ গ’লে মাজুলীয়ে কলা শাখাৰ ৯৯.৯১ শতাংশ উত্তীৰ্ণৰে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আৰু ১০০ শতাংশ উত্তীৰ্ণৰে বিজ্ঞান শাখাত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে ডিমা হাছাও জিলাই। আনহাতে বাণিজ্য শাখাত ৩৩ খন জিলাৰ ১৩ খনেই ১০০ শতাংশ উত্তীৰ্ণৰে শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
ক’ভিডজনিত পৰিস্থিতিৰ বাবে অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাও বাতিল কৰিবলৈ বাধ্য হৈছিল। দুখন উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ আধাৰত এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।