তালিবানে আফগানিস্তান দখল কৰাৰ পিছতেই এতিয়া এক হাহাকাৰ অৱস্থাৰ উদ্ভৱ হৈছে দেশ খনত।আফগানিস্তানৰ ৰাজধানী কাবুল সম্পূৰ্ণ ৰূপে তালিবানৰ দখলত ।ৰাষ্ট্ৰপতি আশ্ৰফ গনি আৰু উপ ৰাষ্ট্ৰপতি দেশ এৰি পলায়ন কৰাৰ লগে লগেই মৃত্যু বিভীষিকাই খেদিছে জনাসাধাৰণক।
গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অন্ত পৰা এই মুহুৰ্তত দেশ এৰি পলায়ন কৰিছে সকলো লোক।গভীৰ মানৱীয় সংকটৰ দিশত আফগানিস্তান।এই চৰম সকংটৰ সময়ত আফগানিস্তানত আৱদ্ধ হৈ থকা ভাৰতীয় লোকক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি দুখনকৈ বিমান সাজু কৰি ৰখা হৈছে।
ইয়াৰোপৰি ইতিমধ্যে কাবুলৰ পৰা ১২৯ জন ভাৰতীয় লোক আৰু ২০০ জন আফগান লোকক লৈ দিল্লীত আহি উপস্থিত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান।কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আফগানিস্তানত থকা সকলো ভাৰতীয় লোক যাতে স্বদেশলৈ সুকলমে উভটি আহিব পাৰে ইয়াৰবাবেই আৰু দুখনকৈ বিমান সাজু কৰি ৰখা হৈছে।
ইফালে ভাৰতত উপস্থিত হোৱা আফগান সাংসদ আব্দুল কাদিৰে জনোৱা মতে আফগান চৰকাৰ আৰু তালিবানৰ মাজত শান্তি চুক্তি হোৱা বাবে বৰ্তমান কাবুলৰ পৰিস্থিতি শান্ত।যদিও ভাৰতত আহি উপস্থিত হোৱা অন্য এগৰাকী মহিলাৰ ভাষ্য যে বিশ্বই এঘৰীয়া কৰা আফগানিস্তানত বহু লোকৰ মৃত্যু হৈছে।আৰু বহু লোকক মাৰিবলৈ উদ্যত হৈ আছে তালিবান।