মৃত্যু হোৱা নাই আল-কায়দাৰ মুৰব্বী আয়মান আল-জৱাহিৰী।শেহতীয়াকৈ আফগানিস্তানত সন্ত্ৰাসবাদী নেতা জনক হত্যা কৰাৰ খবৰ প্ৰকাশ হৈছিল যদিও সদ্য ভাইৰেল হোৱা এটা ভি ডি অ‘ দেখা গৈছে এই বৰ্ষীয়ান সন্ত্ৰাসবাদী জনক।
উল্লেখ যোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ২০ সংখ্যক বাৰ্ষিকীত প্ৰকাশ কৰা এটা ৬০ মিনিটৰ ভিডিঅ‘ ত এই দুধৰ্ষ সন্ত্ৰাসবাদী জনক দেখা পোৱা গৈছে।
এই ভিডিঅ’ প্ৰকাশ হোৱাৰ পিছতেই এতিয়া আল-জৱাহিৰী জীয়াই থকাৰ প্ৰমাণ পোৱা গৈছে।ইফালে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনতো আল-জৱাহিৰী জীয়াই থকাৰ কথা প্ৰকাশ কৰিছে।ইয়াৰলগতে নেতাজন জীয়াই থকা সন্দৰ্ভত আৰু কিছুমান প্ৰমাণ পোৱাৰ কথাও উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘই।
ওচামা বিন লাডেনৰ মৃত্যুৰ পিছত আল-জৱাহিৰীয়ে আল-কায়দাৰ দায়িত্ব গ্ৰহণ কৰিছিল।যদিও বৰ্তমান বৃদ্ধ হৈ পৰা আল-জৱাহিৰীৰ শাৰীৰিক অসুস্থতা বাবেই আল-কায়দাৰ স্থিতি দুৰ্বল হৈ পৰা বুলিও উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে।
আল-জৱাহিৰীক হত্যা কৰা সন্দৰ্ভত ওলোৱা খবৰ অনুসৰি আল-কায়দাৰ ফালৰ পৰাও কোনো স্পষ্টীকৰণ দিয়া হোৱা নাছিল ।তেনেক্ষেত্ৰত এই সন্ত্ৰাসবাদী নেতাজন জীয়াই থকাটো একপ্ৰকাৰ সত্য প্ৰমাণিত হ’ল।
ইফালে ভাইৰেল হোৱা ভিডিঅ‘টোত এই দুধৰ্ষ সন্ত্ৰাসবাদী জনে আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ কথা উল্লেখ কৰিছিল যদিও আফগানিস্তানৰ বিৰুদ্ধে তালিবানৰ বিজয় সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিল।অৱশ্যে জৱাহিৰীয়ে চিৰিয়াত আল-কায়দা মিত্ৰজোঁটৰ অংশ হোৱা হুৰুছ আল-দিনৰ ৰাছিয়াৰ এটা সামৰিক ঘাটিত চলোৱা অভিযানৰ কথা উল্লেখ কৰিছিল।