বাৰিষা মানে সংক্ৰমণৰ বতৰ। গতিকে এই সময়ত শৰীৰটো সবল কৰি ৰাখিবলৈ খাদ্যাভ্যাসৰ দিশত ৰখাটো জৰুৰী। খাদ্য খোৱাৰ অনিয়ম হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ’বলৈ সময় নালাগে। এবাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ’লে শৰীৰৰ বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতাও কমি যায়। ফলত যিকোনো ৰোগে সহজে শৰীৰত বাহ সাজে। গতিকে এই বতৰত নিৰোগী হৈ থাকিবলৈ স্বাস্থ্যসন্মত খাদ্য খোৱাটো প্ৰয়োজনীয়। লগতে কিছুমান বিশেষ খাদ্য আছে যিবোৰ বাৰিষাত যিমানেই কমকৈ খোৱা হয়, সিমানেই ভাল। বাৰিষাত কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে?
সাগৰীয় খাদ্য
বাৰিষাত সাগৰীয় মাছ নোখোৱাই ভাল। বিশেষকৈ চিংৰি আৰু পমফ্ৰেট। কাৰণ এই সময়ত বৰষুণৰ বাবে পানীত ৰোগ সৃষ্টিকাৰী জীৱাণু আৰু বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ি যায়। এইবোৰ পুনৰ মাছৰ শৰীৰত প্ৰৱেশ কৰে। ফলত এইবিধ মাছ খালে ডায়েৰিয়া আৰু পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
ভজা খাদ্য
বাৰিষাত কিছু সুস্বাদু খাদ্য খাবলৈ মন যায়। চাহৰ লগত পকোৰা বা গৰম আলুৰ চপ থাকিলে খাবলৈ বৰ জুতি হয় ৷ এই ধৰণৰ খাদ্যই বাৰিষাত জিভাক সোৱাদ দিলেও শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয়। পাচনতন্ত্ৰৰ ই অসুবিধাৰ সৃ্ষ্টি কৰে । পেটৰ সমস্যাৰ সৃষ্টি হয় ৷
কাঠফুলা
বাৰিষাত কাঠফুলা কমকৈ খাব। বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা অধিক ৷ গেছ-হাৰ্টবাৰ্ণৰ সমস্যা থকা লোকে কাঠফুলা খাব নালাগে।
শাক-পাচলি
আৰ্দ্ৰ বাৰিষাৰ বতৰত সেউজীয়া শাক-পাচলিত বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণ বেছিকৈ দেখা যায়। বাৰিষাত মেথি, কচু, বাদাম আদি শাক-পাচলি খালে পেট বেয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও বাৰিষাত কবি, ফুলকবি বা ব্ৰকলিৰ দৰে শাক-পাচলিতো পোক-পৰুৱা দেখা যায়, গতিকে সেইবোৰ নাখোৱাই ভাল। বাৰিষা খাদ্যত জিকা, পটাল, লাউ আদি শাক-পাচলি বেছিকৈ খাব পাৰে ৷
দৈ
দৈ খালে ভিতৰৰ পৰা শৰীৰ শীতল হয়। বৰষুণৰ বতৰত পৰিৱেশ ঠাণ্ডা। হৈ থাকে ৷ বিশেষকৈ যিসকলৰ চাইনাছৰ সমস্যা আছে তেওঁলোকৰ বাবে বাৰিষাৰ সময়ত দৈ নাখালে ভাল।