আজিকালি সকলোৱে নিজকে সুন্দৰকৈ সজাই ভাল পায় ৷ বিশেষকৈ বয়সতকৈ নিজকে সৰু কৰি ৰাখিব পৰাটো বা নিৰোগী কৰি ৰাখিব পৰাটো আজিকালিৰ ফেশ্বন বুলিও ক’ব পাৰি ৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত, স্লিম-ট্ৰিম দেখাৰ এক প্ৰৱণতা আছে । এইকাৰণেই ওজন হ্ৰাস কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে বিভিন্ন জনে ।
কিছুমানে খোৱা-বোৱা বন্ধ কৰে, কিছুমানে জিম বা ট্ৰেডমিলত ঘণ্টাৰ পিছত ঘণ্টা অতিবাহিত কৰে। কিন্তু এই কথা হয়তো অবিস্বাস্য যে চাহ বা আইচক্ৰীম খায়ো ওজন হ্ৰাস কৰিব পাৰি ৷ কিয়নো আজি যিগৰাকী এগৰাকী মহিলাৰ কাহিনী ক’বলৈ লৈছোঁ তেওঁ চাহ খায়েই ৩০ কিলোগ্ৰাম ওজন হ্ৰাস কৰিছে।
দৈনিক দুইৰ পৰা তিনি কাপ চাহ
পেছাত এগৰাকী চিকিৎসক, কাশ্মীৰী শৰ্মা উত্তৰাখণ্ডৰ ঋষিকেশৰ বাসিন্দা। তেওঁৰ পূৰ্বতে ওজন আছিল ৮৫ কিলোগ্ৰাম। কিন্তু তেওঁ ওজন হ্ৰাস কৰিবলৈ ট্ৰেডমিলত ঘন্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰা নাছিল নাইবা খোৱা বন্ধ কৰা নাছিল। ড. কাশ্মীৰীয়ে যি কৰিছিল সেয়া আছিল সঠিক পৰিমাণৰ খাদ্য খোৱা। আচৰিত হ’ব লগীয়া কথা যে কাশ্মীৰীয়ে দৈনিক দুইৰ পৰা তিনি কাপ চাহ খাইছিল আৰু তেওঁ সপ্তাহান্তত ভয়ংকৰভাৱে আইচক্ৰীম গ্ৰহণ কৰিছিল। তেওঁৰ ওজন হ্ৰাস কৰাৰ এই যাত্ৰাৰ বিষয়ে সোধাত, তেওঁ কৈছিল যে গৰ্ভধাৰণৰ পিছত, তেওঁৰ ওজন হঠাতে বাঢ়িবলৈ আৰম্ভ কৰে। যাৰ ফলত পিঠিৰ বিষৰ সমস্যা আৰম্ভ হয় ।
ৱৰ্কআউট ডায়েট প্লেন
তেওঁ কয় যে প্ৰসৱৰ অলপ পিছত তেওঁৰ কেঁচুৱাটো ডাঙৰ হোৱাৰ লগে লগে, তেওঁ ওজন হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। কিন্তু ব্যস্ত সময়সূচীৰ পৰা ব্যায়ামৰ বাবে সময় উলিওৱাটো কঠিন আছিল। কিন্তু কেনেবাকৈ, সময় উলিয়াই প্ৰথমতে ইউটিউবৰ পৰা শিকি ব্যায়াম আৰম্ভ কৰিছিল যাৰ ফলত তেওঁৰ আঁঠুৰ লিগামেণ্ট আঘাতপ্ৰাপ্ত হৈছিল। তেতিয়া তেওঁ তেওঁৰ ভুল অনুভৱ কৰিছিল আৰু তাৰ পিছত তেওঁ নিজৰ বাবে এজন প্ৰশিক্ষকৰ ব্যৱস্থা কৰিছিল । যাৰ পিছত তেওঁ ১৮ মাহত ৩০ কিলো ওজন হ্ৰাস কৰিবলৈ সক্ষম হয় ।
ডাঃ কাশ্মীয়ে কৈছিল যে তেওঁ ওজন হ্ৰাস কৰিবলৈ কেলৰি হ্ৰাস কৰিছিল। কিয়নো তেওঁ চাহ খাই ভাল সেয়েহে তেওঁ দিনটোত দুইৰ পৰা তিনি কাপ চাহ খাইছিল। ইয়াৰ লগতে, সপ্তাহান্তত আইচক্ৰীম খাইছিল। ইয়াৰ উপৰিও ৰাতিপুৱাৰ আহাৰত তেওঁ ৫০ গ্ৰাম চাউল,৫ গ্ৰাম ঘিউ,১৫০ মিলি কম চৰ্বিযুক্ত গাখীৰ,৫০ গ্ৰাম চীজ৷ আনহাতে দুপৰীয়াৰ আহাৰত তেওঁ গ্ৰহণ কৰিছিল ৫০ গ্ৰাম ঘেঁহুৰ আটা,৫ গ্ৰাম ঘিউ,১৫০ গ্ৰাম পাচলি,৩০ গ্ৰাম দাইল ৷ লগতে তেওঁ ৰাতিৰ আহাৰত গ্ৰহণ কৰিছিল ৪০ গ্ৰাম চাউল,১৫০গ্ৰাম পাচলি,৫গ্ৰাম ঘিউ,১০০ গ্ৰাম চীজ ৷
অৱশ্যে এই সকলোখিনি আহাৰ তেওঁ তেওঁৰ প্ৰশিক্ষকৰমতেহে গ্ড়ণ কৰিছিল ৷ চাহ আৰু আইচক্ৰীম খাই ৩০কেজি ওজন হ্ৰাস কৰা চিকিৎসক, কাশ্মীৰী শৰ্মাক দেখি এতিয়া খলকনি উঠিছে সামাজিক মাধ্যমত ৷