শ্বেম্পুৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰক। বেছিভাগ মানুহেই এই নিয়ম মানি চলে। চুলি মসৃণ আৰু কোমল হোৱাৰ বাবে ই জনপ্ৰিয়। কিন্তু এই নিয়মটো আচলতে ফলপ্ৰসূ নেকি? শেহতীয়া কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে শ্বেম্পুৰ পিছত নহয়, শ্বেম্পু কৰাৰ আগতহে কণ্ডিচনাৰ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা কেনেদৰে লাভৱান হ’ব জানেনে ?
চুলিৰ স্বাস্থ্য ভাল কৰাত সহায় কৰে
প্ৰথমে কণ্ডিচনাৰ লগালে তেল আৰু অন্যান্য অত্যাৱশ্যকীয় উপাদানৰ সৈতে পোনে পোনে চুলিয়ে লাভ কৰিব । চেম্পু কৰাৰ পিছত কণ্ডিচনাৰ লগালে সেই সম্ভাৱনা কমি যায়।
ৰুক্ষ চুলিলৈ কোমলতা ঘূৰি আহে
যদি আপোনাৰ চুলি অতি ৰুক্ষ আৰু শুকান হয় তেন্তে শ্বেম্পু কৰাৰ আগতে কণ্ডিচনাৰ ব্যৱহাৰ কৰক। ই চুলিবোৰ কোমল আৰু মসৃণ কৰি তুলিব।
চুলি ভালদৰে পৰিষ্কাৰ কৰে
শ্বেম্পুৰ একমাত্ৰ উদ্দেশ্য হৈছে চুলিৰ পৰা মলি আঁতৰোৱা। সেই লক্ষ্যত উপনীত হ’বলৈ শ্বেম্পু কৰাৰ আগতে কণ্ডিচনাৰ ব্যৱহাৰ কৰক। চুলি পৰিষ্কাৰ হ’ব।
চুলি সৰা কমি যায়
চুলি সৰা সমস্যাক লৈ বহু লোক বিভ্ৰান্ত হৈ পৰিছে। শ্বেম্পু কৰাৰ পিছত কণ্ডিচনাৰ লগালে সেই সমস্যা অধিক বৃদ্ধি হ’ব পাৰে। চুলিৰ গুৰি ঢিলা হ’লে চুলি সৰা আৰম্ভ হয় ৷ গতিকে চুলিৰ গুৰি শক্তিশালী আৰু মজবুত কৰিবলৈ শ্বেম্পু কৰাৰ আগতে কণ্ডিচনাৰ ব্যৱহাৰ কৰক।
চুলি ঘন কৰাত সহায় কৰে
পাতল চুলি সৌন্দৰ্য্যৰ বাধা হ’ব পাৰে। গতিকে চুলি ঘন হোৱাটো অতি প্ৰয়োজন। শ্বেম্পু কৰাৰ পিছত কণ্ডিচনাৰ লগালে চুলি পাতল হ’ব পাৰে। চুলি ঘন কৰিবলৈ প্ৰথমে কণ্ডিচনাৰ প্ৰয়োগ কৰক। তাৰ পিছত চেম্পু। ইয়াৰ পৰা আপুনি লাভৱান হ’ব।