কিছুমান মানুহে চুলিৰ বিভিন্ন সমস্যাত ভোগে ৷ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে সমস্যাও সলনি হয়। বাৰিষাৰ সময়ছোৱাত বহুতৰে চুলি সৰা বাঢ়ি যায়। নতুন চুলি গজা, চুলিৰ বৃদ্ধি আৰু জিলিকনি বজাই ৰখাত কণী সহায়ক। ইয়াত থকা ভিটামিন এ, ডি আৰু কেয়ে মূৰৰ ছালৰ স্বাস্থ্য আৰু চুলিৰ বৃদ্ধি বজাই ৰখাত সহায় কৰে। কিন্তু কণীত থকা প্ৰ’টিন চুলি সৰা আৰু চুলিৰ বৃদ্ধি বন্ধ কৰাত বিশেষভাৱে সহায়ক। ইয়াত ‘বায়’টিন’ নামৰ এবিধ উপাদান থাকে, যিয়ে চুলিক মজবুত কৰে। কণীত থকা ফেটি এচিডে চুলিৰ জিলিকনি বৃদ্ধি কৰে।
প্ৰথমে চুলিৰ দৈৰ্ঘ্য অনুসৰি কণীৰ সংখ্যা নিৰ্বাচন কৰিব লাগে। মধ্যমীয়া চুলিৰ বাবে দুটা কণীৰ প্ৰয়োজন হ’ব। দ্বিতীয় পদক্ষেপটো হ’ল কণীৰ বগা অংশ আৰু কুহুম পৃথক কৰা। কাৰণ কণীৰ বগা অংশ তেলেতীয়া চুলিৰ বাবে ভাল। কিন্তু যদি চুলি ৰুক্ষ হয়, তেন্তে কণীৰ কুহুম বেছি উপকাৰী ৷ কিন্তু যদি চুলিবোৰ বৰ ৰুক্ষ বা তেলেতীয়া নহয়, তেন্তে কণীৰ বগা আৰু কুহুম দুয়োটা অংশ ব্যৱহাৰ কৰিব লাগে। চুলিৰ ধৰণ অনুসৰি কণী সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে আকাংক্ষিত ফলাফল লাভ কৰা নাযায়।
চুলিত কণী কেনেকৈ লগাব ?
১. তিতা চুলিত কণী লগাব। অৱশ্যে চুলিখিনি ঠাণ্ডা পানীত নহয়, কুহুমীয়া পানীত ধুই ল’ব লাগে। ইয়াৰ ফলত চুলিৰ কিউটিকেল খোলা খায় আৰু কণীৰ পুষ্টিকৰ উপাদান শোষণ কৰাত সহায়ক হয়।
২. কণীৰ মিশ্ৰণটো মূৰৰ তালুৰ পৰা চুলিৰ মূৰলৈকে খুব ভালদৰে লগাব লাগে।
৩. কণীৰ মিশ্ৰণ প্ৰয়োগ কৰাৰ পিছত হাতেৰে তালু মালিচ কৰিব লাগে। ইয়াৰ ফলত প্ৰতিডাল চুলিত কণীৰ অংশ ভালদৰে মিহলি হ’ব।
৪. মালিচ কৰাৰ পিছত চুলিখিনি শ্বাৱাৰ কেপেৰে ঢাকিব লাগে। ই চুলি আৰ্দ্ৰ কৰি ৰাখিব। চুলিখিনি এনেদৰে ২০ মিনিটৰ পৰা আধা ঘণ্টা ধৰি ৰাখিব।
৫. চুলিখিনি ঠাণ্ডা পানীৰে খুব ভালকৈ ধুব লাগে। গৰম পানী ব্যৱহাৰ কৰিব নালাগে। তেতিয়া চুলিবোৰ ৰুক্ষ হৈ পৰিব। কণী যাতে চুলিত লাগি নাথাকে তাৰ বাবে মৃদু শ্বেম্পু ব্যৱহাৰ কৰিব পাৰি।