ছালখনক ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ বহুলোকে ব্যৱহাৰ কৰে ছানস্ক্ৰীণ। যিসকলৰ ছাল ৰ’দত সহজে পোৰে বা ৰ’দত ওলালে ছালৰ বিভিন্ন এলাৰ্জী হয়, তেওঁলোকৰ বাবে ছানস্ক্ৰীণ অবিহনে বাহিৰলৈ ওলোৱাটো প্ৰায় অসম্ভৱ। বহুতে ভাবে যে এই ক্ৰীম অতিমাত্ৰা ব্যৱহাৰ কৰিলে ছালৰ ক্ষতিৰ পৰা হাত সাৰিব পৰা যায়। কিন্তু চিকিৎসকৰ মতে বৃহৎ পৰিমাণৰ ক্ৰীম ব্যৱহাৰ কৰিলে ছালক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰিব বুলি থকা ধাৰণাটো ভিত্তিহীন। ছানস্ক্ৰীণ কমকৈ ব্যৱহাৰ কৰিব লাগে। প্ৰয়োজন হ’লে এই ক্ৰীমটো ৩ৰ পৰা ৪ ঘণ্টাৰ মূৰে মূৰে পুনৰ প্ৰয়োগ কৰিব পাৰি।
কিমান ক্ৰীমৰ প্ৰয়োজন?
বহুতে এই ক্ষেত্ৰত দুটা আঙুলিৰ সহায় লয়। বহুতে ভাবে যে দুটা আঙুলিৰ মূৰত যিমান ক্ৰীম লগাব পাৰি তাৰ পৰিমাণ মুখৰ বাবে যথেষ্ট। মাত্ৰ নিশ্চিত হওক যে মুখৰ কোনো অংশই বাহিৰত নাথাকে। ইয়াৰ বাহিৰেও শৰীৰৰ ৰ’দৰ সংস্পৰ্শলৈ অহা সকলো অংশতে ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো গুৰুত্বপূৰ্ণ।
দিনটোত কিমানবাৰ ব্যৱহাৰ কৰিব?
বাহিৰলৈ ওলোৱাৰ আধা ঘণ্টা আগতে ছানস্ক্ৰীণ লগোৱাৰ নিয়মটো বহুতে জানে। কিন্তু চিকিৎসকৰ মতে দিনত ছানস্ক্ৰীণ লগোৱাটো জৰুৰী, আনকি ঘৰৰ ভিতৰতো। কাৰণ, কেৱল ৰ’দেই নহয়, ৰন্ধা-বঢ়াৰ সময়ত গৰমেও একেদৰেই ছালৰ ক্ষতি কৰিব পাৰে। গতিকে তেওঁলোকে ‘এছ পি এফ’ৰ সৈতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।
আপোনাৰ ছালৰ বাবে কোনটো ভাল?
বজাৰত বিভিন্ন ধৰণৰ ছানস্ক্ৰীণ পোৱা যায়। প্ৰতিটোৰ কাৰ্য্যক্ষমতা বেলেগ বেলেগ। ‘এছ পি এফ’ৰ মাত্ৰাও বেলেগ বেলেগ। কিন্তু কোনটো ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। কাৰণ, ছালৰ প্ৰকাৰ আৰু ৰ’দৰ সংস্পৰ্শৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ছানস্ক্ৰীণ নিৰ্বাচন কৰিব লাগে।