বহু সময়ত নিজৰ বাবেই হওঁক নাইবা পৰিয়ালৰ ভৰণ-পোষণৰ বাবেই হওঁক মানুহে বিভিন্ন উপায়েৰে কিবা এটা উপাৰ্জন কৰিবৰ বাবে বাট বিচাৰে ৷ হয়তো কোনোবা সফল হয় আৰু কোনোবা বিফল হয় ৷ কিন্তু এই বিফলতাৰ মূলতেই হ’ল তেওঁ কি কাম কৰিব নাইবা তেওঁ কৰিব খোজা কামটোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ৷ বহুতেই সৰু-ডাঙৰ কাম হিচাপে চিন্তা কৰি কেতিয়াবা একো কামেই কৰিবলৈ সক্ষম নহয় আনহাতে কোনোৱে আকৌ সৰু কাম এটাকে আন্তৰিকতাৰে কৰি গৈ থকাৰ পিছত এক সুন্দৰ লক্ষত উপনীত হয় যাৰ পিছত আৰু তেওঁ পিছলৈ ঘূৰি চোৱাৰ হয়তো অৱকাশেই নাথাকে ৷ আমাৰ দেশতেই তেনে বহু উৎকৃষ্ট উদাহৰণ আছে যি সকল বৰ্তমান সমগ্ৰ দেশৰ বাবেই এক আদৰ্শ ৷
সামাজিক মাধ্যম ফেচবুকত দেখাত সাধাৰণ যেন লগা এজন বিশেষ ব্যক্তিৰ এখন ফটো আপলোড কৰি তেওঁৰ কামৰ শলাগ লৈ এটি সুন্দৰ পোষ্ট আপলোড কৰিলে ৰূপম কলিতা নামৰ এজন সমাজ সচেতন ব্যক্তিয়ে ৷তেওঁ ফেচবুক প’ষ্টটোৰ যোগেদি ব্যক্ত কৰা অনুসৰি গুৱাহাটী মহানগৰীৰ চুপাৰমাৰ্কেটৰ জি.এন.আৰ.চি. হাস্পতালৰ সন্মূখত এখন সৰু মেজতে আমাৰ বিভিন্ন থলুৱা তথা বতৰৰ ফল যেনে আমলখি, কৰ্দৈ, ৰবাব টেঙা, অমৰা , মগু, নাৰিকল আদিৰ মিহলি বা এবিধ ফলকে কুটি লগত নাৰিকল মিহিকৈ কাটি, ধনীয়া, নৰসিংহ পাত মিহলি কৰি অতি সুস্বাদু খাদ্যৰ ক্ষুদ্ৰ ব্যৱসায় কৰিছে এজন অসমীয়া যুৱকে ৷ এই যুৱকগৰাকীৰ নাম অপু ডেকা ! বৰ্তমান সময়ত যেন যুৱ-প্ৰজন্মৰ বাবে এক আদৰ্শ অপূ ৷ কাৰণ কামৰ কোনো সৰু- বৰ নাথাকে ৷ ৰূপম কলিতাৰ মতে কোনো কাম বন নকৰি,পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰি দিনটো তিঘিলঘিলাই ঘূৰি ফুৰা অসমীয়া ডেকাবোৰৰ বাবে অপূ ডেকা এক শিক্ষা হ’ব পাৰে ৷
তেওঁৰ মতে এইসকল খাতি খোৱা লোকৰ ভৰিৰ আঙুলিৰ ধুলিৰ সমানো হ’ব নোৱাৰে বাটৰ কাষৰ ৰোমিঅ’, মদাহী,ভঙুৱা নাইবা ফেচবুকৰ নাৰী চিকাৰী পুৰুষ সকল ৷ ঠিক একে দৰেই প্ৰকৃতাৰ্থত সমাজত ৰাজনৈতিক দালাল ভণ্ড নেতা, আমোলা নাইবা বিক্ৰী যোৱা তথাকথিত শিল্পী বোৰ নহয়, সৎ কৰ্ম কৰি খোৱা অপুৰ দৰে এইসকল লোকহে সন্মানৰ পাত্ৰ ! সেয়েহে ৰূপম কলিতা নামৰ এইজন সমাজ সচেতন লোকে সামাজিক মাধ্যমৰ এই সুন্দৰ প’ষ্টটোৰ যোগেদি অপূ ডেকাৰ দৰে খাতি খোৱা কৰ্মঠ লোক সকলক উৎসাহ যোগোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷
নিশ্চয়কৈ অপূ কলিতা নামৰ এই যুৱকজন নৱ প্ৰজন্মৰ বাবে এক আদৰ্শ যি কামৰ সৰু-বৰ চিন্তা নকৰি কৰ্মকে ধৰ্ম হিচাপে গন্য কৰি নিজৰ যি আছে তাকে লৈ পথলৈ ওলাই আহিছে এনেকৈ ৷ তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আন দহ গৰাকীও কিবা এটা কৰাৰ হেঁপাহেৰে আগবাঢ়ি আহক সেয়াই আমাৰো একান্ত কামনা ৷