পাকঘৰত মাখি পৰি থাকিলে দেখিবলৈ বেয়া লগাৰ লগতে অশান্তিও লাগে। মাখিয়েই বেমাৰৰ বীজানু অতি সহজে কঢ়িয়াই লৈ আহে আৰু সেইবাবে পাকঘৰত মাখিৰ উপদ্ৰৱ হ’লে মনতো বিৰক্তিৰে ভৰি পৰে। কম-বেছি পৰিমাণে কেতিয়াবা পাকঘৰত মাখি পৰে যদিও অপৰিষ্কাৰ পাকঘৰত বেছিকৈ পৰা দেখিবলৈ পোৱা যায়। পাকঘৰৰ পৰা মাখিৰ অত্যাচাৰ নোহোৱা কৰিবলৈ হ’লে কি কৰিব লাগে জাঁনো আহকচোন——
১) ৰান্ধা হোৱাৰ পিছত পানীত নিমখ দি উতলাই ল’ব লাগে। আৰু উতলোৱা পানী খিনি ঠাণ্ডা হোৱাৰ পিছত স্প্ৰে বটলত ভৰাই ৰান্ধা হোৱাৰ পিছত পাকঘৰৰ প্ৰতি চুকে কোনে স্প্ৰে কৰিব লাগে।
২) এক গিলাচ গাখীৰত জালুক আৰু চেনি দি উতলাই ল’ব লাগে। যি ঠাইত মাখিৰ উপদ্ৰৱ বেছি হয় সেই ঠাইত থৈ দিব লাগে।