খং নামেই চণ্ডাল বুলি কোৱা হয়। খঙে নিজৰ অনিষ্ট সাধন কৰাৰ লগতে আনৰো ক্ষতি কৰে। খঙে মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন অংগ -প্ৰত্যঙ্গৰ সৌন্দৰ্য ম্লান কৰে।যি কাৰণত খং নুঠক কিয় , খং উঠাৰ লগে লগে শৰীৰৰ শক্তি যথেষ্ট ক্ষয় হয় আৰু মানসিক ভাৱে কষ্ট ভোগ কৰিবলগীয়া হয়। খং মানুহৰ প্ৰধান শত্ৰু। খং কমোৱাৰ উপায় সমূহ হ’ল-
১) খং উঠাৰ লগে লগে আপুনি য’তেই নাথাকক কিয় দীঘল দীঘলকৈ উশাহ লওঁক।
২) যি পৰিবেশ বা পৰিস্থিতিত থাকিলে খং উঠে , তেনে পৰিবেশ বা পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে।
৩) খং উঠাৰ সময়ত আইনাৰ ওচৰত গৈ নিজৰ মুখখন চাওক , দেখাত কেনে কুৎচিত হৈছে নিজেই লাজ পাব।
৪) খং উঠিলে শাৰীৰিক ব্যায়াম আৰম্ভ কৰক। শাৰীৰিক ব্যায়াম নিয়মীয়াকৈ কৰিলে খং দমাই ৰাখিব পাৰি।
৫) খং উঠিলে নিজকে চম্ভালি মনটো নিয়ন্ত্ৰিত কৰিব লাগে।
৬) যি আলোচনাৰ পৰা খং উঠিছে , সেই বিষয় -বস্তুৰ পৰা আতঁৰি গৈ বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰক।
৭) যাক খং কৰিছে বা যি কাৰণে খং কৰিছে , সেইজনৰ লগত বা সেই বিষয়বোৰ সহজ ভাৱে চিন্তা কৰি নম্ৰভাৱে কথা-বতৰা মুকলিভাৱে পাতক।
৮) কোনো লোকে আপোনাৰ ওপৰত খং কৰি গালি পাৰি থাকিলে , আপুনি ধৈৰ্য সহকাৰে শুনি বহি থাকিলে খং উঠা জনৰ খং মাৰ যাব।
৯) ফচফৰাছ যুক্ত খাদ্য – ব্ৰাহ্মীশাক , মানিমুনি , টেঙেচি , মৰিচাশাক , কোমোৰা , কেঁচা জলকীয়া , আমলখি , পুৰৈশাক , বকফুল আদি নিয়মীয়াকৈ খালে সহজে খং নুঠে।