বন্ধাকবি ভাজি , সবজি বা বড় আদি বনাই বিভিন্ন উপায়েৰে খাব পাৰি। বতৰত অৰ্থাৎ শীত কালি যিকোনো ধৰণে বন্ধা কবি খাই ভাল লাগে। আনকি সৰু সৰু বন্ধাকবিবোৰ ভাতত বা ডাইলত বইল কৰি খাবলৈও সোৱাদ লাগে। কিন্তু ফাগুন মাহৰ শেষৰ ফালে বা চ’তত এই কবিবোৰ খাবলৈ সোৱাদ নোহোৱা হৈ যায় আৰু খাবলৈ মন নোযোৱা হৈ যায়। এই সময়ছোৱাত কোনো পাচলিয়ে খাবলৈ সোৱাদ যুক্ত নোহোৱা বাবে আমি অলপ বেলেগ ধৰণেও ৰান্ধিব পাৰো যাৰ ফলত খাবলৈ সোৱাদ হোৱাৰ উপৰিও পুষ্টিগুনো অটুট থাকে।
বন্ধাকবি টো ভালকৈ ধুই কাটি ল’ব লাগে। তাৰ লগত বেঙেনা এটা সৰু সৰুকৈ কাটি ল’ব লাগে। উৰহী অলপ লগতে কাটি একেলগে ভালকৈ ধুই ৰেডি কৰি ল’ব লাগে। গৰম কেৰাহীত অকণমান তেল দি পাঁচফুৰণ , কেঁচা জলকীয়া দি ফুটাই লৈ ধুই লোৱা পাচলিখিনি দি নিমখ আৰু দুচামুচ মান কলৰ খাৰ দি ভালকৈ লৰাই দি ঢাকণি মাৰি দিব লাগে। গোটেইখিনি বস্তু সিজি থুপথুপিয়া হ’লে কেঁচা জলকীয়া ফালি নমাই থব লাগে। খাবৰ সময়ত সঁৰিয়হ তেল অকণমান লৈ ভাতৰ সৈতে খালে বৰ সোৱাদ ময় হয়। তাৰোপৰি তেল -মচলা অবিহনে এয়া এক সুন্দৰ স্বাস্থ্যকৰ খাদ্য।