খাদ্য কেৱল শৰীৰক পুষ্টি প্ৰদানৰ বাবেই নহয় ,মানসিক স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ। যদি আপুনি হতাশাত ভুগিছে তেন্তে কেৱল এমুঠিমান ঔষধ খোৱাই নহয়, খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগে। মেজাজ বা মন বেয়া হ’লে বহুতৰে বিৰিয়ানী, মিঠাই বা পিজ্জা খোৱাৰ প্ৰৱণতা জাগি উঠে। কিন্তু এই খাদ্যবোৰে আচলতে মন অধিক বিচলিত কৰিব পাৰে। গতিকে খাদ্যৰ প্লেটত এনে কিছুমান খাদ্য ৰাখক , যাৰ ফলত মনটো অলপ হ’লেও সতেজ হৈ থাকে।
ৰঙা আলুঃ উদ্বিগ্নতাৰ ঔষধ হ’ব পাৰে এইবিধ খাদ্য।এই আলুত ‘এল-ট্ৰিপ্ট’ফেন’ নামৰ এমিনো এচিড থাকে, যিয়ে আপোনাৰ মূৰৰ পৰা বিষণ্ণতা দূৰ কৰিব পাৰে। তেজৰ শর্কৰা নিয়ন্ত্ৰণ আৰু উদ্বেগ হ্ৰাস কৰাৰ বাবেও ই অতি উত্তম। গতিকে বেয়া লাগিলে আলুৰে তৈয়াৰী ফ্ৰেন্স ফ্ৰাইৰ সলনি ৰঙীন আলু বেক কৰি খাব পাৰে।
বাদাম: বাদাম খাবলৈ ভাল পায়? কাজু, হেজেলনাট, আখৰোট আদি বাদাম খাব পাৰে। প্ৰতিটোতে ওমেগা থ্ৰী ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। কিন্তু আখৰোট খালে সৰ্বাধিক সুফল পাব। কাৰণ ই মগজুক সুস্থ কৰি ৰখাত সহায় কৰে। প্ৰতিদিনে এমুঠি আখৰোট খালে হতাশা হ্ৰাস পাব।
কলঃ ভাল নালাগে যদিও সেই মুহূৰ্তত এটা কল খাব পাৰে। মন আৰু শৰীৰ শক্তিশালী হ’ব। কলত পটাছিয়াম থাকে, যিয়ে শৰীৰক নিমিষতে শক্তি প্ৰদান কৰে। তেজ চলাচল কৰি ৰখাতো সহায় কৰে। কলে ৰক্তচাপও নিয়ন্ত্ৰণত ৰাখে।
বীজ: সদায় চালাদ বা চূপৰ লগত কিছু ফ্ল্যাক্স ছীড আৰু চিয়া ছীড খাই চাওক। হতাশাৰ সমস্যা বহুত কমি যাব। এই বীজ দুটাত ওমেগা থ্ৰী ফেটি এচিডো থাকে। প্ৰতিদিনে ১ চামুচ এই গুটি খালে সুফল পোৱা যাব।
ব্লুবেৰীঃ মানসিক সমস্যা দূৰ কৰাত ব্লুবেৰী অতি উপযোগী। ইয়াৰ এন্টিঅক্সিডেন্ট গুণে মানসিক উদ্বেগ নিয়ন্ত্ৰণত ৰাখে। লগতে হতাশাও। মন আৰু শৰীৰ সুস্থ কৰি ৰাখিবলৈ ব্লুবেৰী খাব পাৰে।