পোহনীয়া কুকুৰটো বহুলোকৰ বাবে ঘৰৰ সদস্যৰ দৰে ৷ আপুনিও কুকৰটোৰ যত্নত কোনো ত্ৰুটি নাৰাখে ৷ কুকুৰটোৰ গা ধোৱাৰ পৰা আৰম্ভ কৰি খোৱা-বোৱালৈকে – আপুনি সকলো দিশৰ ওপৰত চকু ৰাখে। । ঘৰত যি খোৱা হয়, সকলো খাদ্য কুকুৰটোক খুৱায়। কিন্তু এই প্ৰথা বিপদজনক হ’ব পাৰে। আচলতে মানুহে খোৱা বহু খাদ্য কুকুৰৰ বাবে উপকাৰী নহয়। ইয়াৰ ফলত কুকুৰ পোৱালিটোৰ ক্ষতি হব পাৰে। কোনবোৰ খাদ্য আপোনাৰ বাবে ভাল কিন্তু কুকুৰৰ বাবে বেয়া সেইটো জানি লওক।
চকলেটঃ চকলেটত মিথাইলজেন্থাইন নামৰ যৌগ থাকে, যিয়ে কুকুৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰিব পাৰে। সামান্য পৰিমাণৰ চকলেট বিশেষকৈ ডাৰ্ক চকলেট খালে কুকুৰৰ ডায়েৰিয়া আৰু বমি হ’ব পাৰে। বেছিকৈ চকলেট খালে হৃদযন্ত্ৰৰ বিকলতা, আনকি মৃত্যুও হ’ব পাৰে।
গাখীৰ: কোনো ধৰণৰ দুগ্ধজাত খাদ্য যেনে ছানা, পায়স, মিঠা কুকুৰক ভূলতেও নিদিব ৷ কুকুৰৰ কিছুমান বিশেষ কাৰ্বহাইড্ৰেট আৰু ফেটি এচিড হজম কৰিব পৰা এনজাইম নাথাকে। আৰু ইয়াৰ বাবে সমস্যাৰ সৃষ্টি হয় ৷
এভোকেডো: ইয়াত পাৰ্চিন নামৰ যৌগ থাকে যিটো বেছি পৰিমাণে গ্ৰহণ কৰিলে কুকুৰৰ অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। এই ফল মৰমৰ পোহনীয়া জন্তুটোক নিদিলে ভাল।
আঙুৰ, কিচমিচ: এই দুটা ফল আপোনাৰ পোহনীয়া জন্তুটোক কেতিয়াও নিদিব ৷ এই ফলবোৰ খালে কুকুৰ পোৱালিৰ বৃক্ক বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
পিঁয়াজ-নহৰু: কুকুৰৰ খাদ্যত পিয়াঁজ-নহৰু বেছিকৈ থাকিলে তেওঁলোকৰ ৰক্তহীনতা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই দুই পাচলিত থকা এটা বিশেষ যৌগ কুকুৰৰ শৰীৰৰ ৰক্তকণিকা ধ্বংস কৰি পেলায়।