চূপ হওক বা নুডলছ হওক, পাস্তা হওক বা পিজ্জা হওক – মাত্ৰ জালুকৰ গুড়ি অলপ দিলেই সোৱাদ কেইবাবাৰো বৃদ্ধি পাব। জালুক অবিহনে চীনা খাদ্যৰ সোৱাদ ভাল নহয়। কিন্তু এই মছলাবিধে কেৱল ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ বহুতো গুণ আছে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। গতিকে কেৱল সোৱাদৰ কথাই নহয় স্বাস্থ্যৰ কথাও মনত ৰাখি ৰন্ধা-বঢ়াত জালুক ব্যৱহাৰ কৰাটো ভাল। জালুকৰ কেইবাটাও উপকাৰ আছে। জালুক খোৱাটো কিয় ইমান স্বাস্থ্যকৰ জানি লওক।
১) জালুকে অতিৰিক্ত চৰ্বি কমোৱাতো সহায় কৰে। ফলত খাদ্যত জালুক অধিক ব্যৱহাৰ কৰাটো অতি স্বাস্থ্যকৰ। জালুকে হজম শক্তিত সহায় কৰে। কাৰণ ই পেটত হাইড্ৰক্লৰিক এচিড নিঃসৰণৰ মাত্ৰা বৃদ্ধি কৰে। যদি হজম শক্তি ভাল হয় তেন্তে কোষ্ঠকাঠিন্য, ডায়েৰিয়াৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি। পাচনতন্ত্ৰৰ সমস্যাৰ বাবে শৰীৰত বহু ৰোগে শিপাই যায়। ফলস্বৰূপে সেইবোৰৰ পৰাও পৰিহাৰ কৰিব পাৰি।
২) অত্যধিক ধূমপান কৰা সকলৰ বাবে জালুক অতি উপকাৰী। জালুক খালে ধূমপানৰ প্ৰতি আসক্তি কমি যায়।
৩) যদি আপোনাৰ দাঁতৰ গহ্বৰ বা বিষ হয় তেন্তে মুখত জালুক ৰাখিব পাৰে। জালুকে দাঁতৰ বিষ নিৰাময়তো সহায় কৰে।
৪) নাক বন্ধ হোৱা, হাঁপানী ৰোগৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈও জালুক অতি উপযোগী। একাপ গৰম পানীৰ লগত এক চামুচ জালুক আৰু দুচামুচ মৌ মিহলাই খালে শ্লেষ্মা আঁতৰি যাব। ডিঙিৰ বিষ কমি যাব। ঋতু সলনিৰ সময়ত এই পানীয় সঁচাকৈয়ে উপকাৰী।
৫) সংক্ৰমণ প্ৰতিৰোধৰ বাবে জালুক অতি উপযোগী। ঠাণ্ডা লাগিলে তুলসীৰ পাত আৰু জালুক দি পানী উতলাই লব পাৰে। জালুকত ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক শক্তিশালী কৰি ৰাখে।