উত্তৰ-পূব অঞ্চলত বাঁহৰ গাজৰ বিভিন্ন ব্যঞ্জন খোৱাৰ অভ্যাস আছে ৷ বিশেষকৈ বাঁহৰ গজেৰে ৰন্ধা মাছ –বিভিন্ন ধৰণৰ মাংসৰ ব্যঞ্জন বহুতৰে প্ৰিয় ৷ চীনা খাদ্যৰ উপাদান হিচাপেও কোমল বাঁহৰ গাজ ব্যৱহাৰ কৰা হয়। কেবল সোৱাদ বৃদ্ধিয়েই নহয়, কোমল বাঁহে উপকাৰ কৰে স্বাস্থ্যৰ ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি ওজন কমোৱালৈকে – বা”হৰ গাজ অতি উত্তম ৷ দৈনন্দিন খাদ্যত বাঁহৰ গাজ ৰাখিলে কি কি উপকাৰ হয়?
হজম শক্তিত সহায় কৰেঃ
বহু লোকে পাচনতন্ত্ৰৰ সমস্যাত ভুগি থাকে। এই সমস্যা দূৰ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰিব লাগিব! কিন্তু বেছিভাগ ক্ষেত্ৰতে দৰৱে কাম নকৰে। দৈনন্দিন খাদ্যত বাঁহৰ গাজ ৰাখিলে পাচনতন্ত্ৰৰ সমস্যা নাইকিয়া হয়। ইয়াৰ উপৰিও চৰ্বি আঁতৰি যায়, পেটৰ সংক্ৰমণৰ সম্ভাৱনাও কমি যায়।
হৃদযন্ত্ৰ:
বাঁহৰ গাজত প্ৰচুৰ পৰিমাণে ফাইটোষ্টেৰল থাকে। এই যৌগটোৱে তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ফলত শৰীৰত ৰক্ত সঞ্চালন ভাল হয় , হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে ।
হাড়ৰ বাবে ভাল:
বাঁহৰ গাজত বহু পৰিমাণৰ মেংগানিজ আৰু কেলচিয়াম থাকে। এই দুটা উপাদানে হাড়ৰ সুস্বাস্থ্য বজাই ৰাখে। ইয়াৰ উপৰিও ইয়াত বাঁহৰ গাজত থাকে ভিটামিন চি । এই ভিটামিন চিয়ে হাড়ত থকা বিভিন্ন খনিজ পদাৰ্থ শোষণত সহায় কৰে।
ওজন কমোৱাত সহায় কৰে:
কোমল বাঁহৰ গাজত কেলৰি অতি কম আৰু আঁহ বেছি থাকে। ইয়াক খাদ্যত ৰাখিলে পেটটো দীৰ্ঘদিনলৈ ভৰি থাকে। ফলত ভজা খাদ্য, বাটৰ খাদ্য খোৱাৰ হেঁপাহ কমি যায়। গতিকে ওজন কমা প্ৰক্ৰিয়াটোও ত্বৰান্বিত হয়।
ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে:
বাঁহৰ গাজত চিলিকা থাকে। এই যৌগটোৱে শৰীৰত কলাজেন উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। কলাজেন উৎপাদন বৃদ্ধি কৰিলে ছালৰ স্থিতিস্থাপকতাও বৃদ্ধি পায়।