সকলোৱে জানে যে গোলাপ জলেৰে মুখ পৰিষ্কাৰ কৰিব পাঁৰি। গোলাপজল ব্যৱহাৰ কৰিলে মুখখনি গোলাপফুলৰ দৰে ধুনীয়া হৈ পৰে। মুখৰ উপৰিও চুলিৰ বাবেও গোলাপ জলে কি কাম কৰে জানো আহক—
১) চুলিত গোলাপজল ব্যৱহাৰ কৰিলে চুলিকোছা চিল্কি হৈ উঠাৰ উপৰিও চিকচিকিয়া উজ্বল হৈ উঠে।
২) গোলাপজল ব্যৱহাৰ কৰিলে ছালৰ সুস্থতা বৃদ্ধি পায়। মূৰত উফিৰ সমস্যা থাকিলে গোলাপজলেৰে অতি সোনকালে উফিৰ সমসাৰ পৰা ৰেহাই পাব পাঁৰি।
৩) গোলাপজলত এণ্টি অক্সিডেণ্ট থাকে। প্ৰচুৰ পৰিমানে মানসিক বা শাৰীৰিক চাপ পৰিলে শৰীৰক ক্ষতি কৰে। গোলাপজলত থকা এণ্টি অক্সিডেণ্টে চাপৰ পৰা মুক্তি দিয়ে।
৪) চুলি বেছি পৰিমাণে সৰিব ধৰিলে গোলাপজল বৱহাৰ কৰিলে চুলি সৰা বন্ধ হয়।
৫) মূৰৰ ছালত গোলাপজল সানিলে ৰক্ত সঞ্চালন বৃদ্ধি পায়। ইয়াৰ ফলত চুলি সোনকালে বাঢ়িব পাঁৰে। গতিকে প্ৰতিদিনে গোলাপজল লগোৱা চুলিৰ কাৰণে অতি ভাল।
৬) চুলিত চেম্ফু কৰাৰ এক ঘণ্টা আগতে গোলাপ জল সানি থলে বা গোলাপজলৰ লগত নেমুৰ ৰস মিহলাই চুলিত সানিলে বেছি ভাল ফল পোৱা যায়।