ৰাজ্য চৰকাৰৰ ঘোষণা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা খোলাৰ কথা চিন্তা কৰিছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ।সেই অনুসৰি দশম,দ্বাদশ, স্নাতক চূড়ান্ত বৰ্ষৰ লগতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পাঠদান আৰম্ভ হ’ব বুলি ৰাজ্য চৰকাৰে সদৰী কৰিছে।
ডিফুৰ এক অনুষ্ঠানত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমেৰে হোৱা মুখামুখিত এই কথা উল্লেখ কৰি কয় যে অহা ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠান সমূহ খোলা হ’ব।
প্ৰথম পৰ্যায়ত চূড়ান্ত বৰ্ষসমূহ দশম,দ্বাদশ আৰু স্নাতক চূড়ান্ত বৰ্ষ খোলাৰ ব্যৱস্থা কৰা হ’ব।আৰু ইয়াৰপিছতেই পৰ্যায়ক্ৰমে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অন্য শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হ’ব।
ইতিমধ্যে বিদ্যালয় সমূহ খোলাৰ ক্ষেত্ৰত সুকীয়া নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে।আৰু মুখ্যমন্ত্ৰীৰ অনুমোদন লাভ কৰিলেই তিনিদিনৰ ভিতৰত নতুন এছ অ‘ পি প্ৰকাশ কৰা হ’ব।
ৰাজ্য চৰকাৰৰ শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত কৰা ঘোষণাৰ পিছতেই এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে যে এই সময়ত ক’ভিডৰ তৃতীয় ঢৌৰ আতংকত ত্ৰস্তমান ৰাজ্যবাসী। বিশেষকৈ ১৮ বছৰৰ তলৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে এইপৰ্যন্ত প্ৰতিষেধক লাভ কৰা নাই। তেনেক্ষেত্ৰত কি যুক্তিত ৰাজ্যৰ শিক্ষা বিভাগে এই দুটা শ্ৰেণী খোলাৰ কথা সদৰী কৰিছে সেইলৈ অভিভাৱক সকলে প্ৰশ্ন উত্থাপন কৰিছে।
ইফালে নিটি আয়োগৰ ঘোষণা অনুসৰি ক’ভিডৰ তৃতীয় ঢৌ পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত আহিব আৰু দৈনিক প্ৰায় ৪ লাখ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষানুষ্ঠান খোলাৰ প্ৰচেষ্টা অসাৰ হ’ব পাৰে বুলিও বহুজনে মত ব্যক্ত কৰিছে।