“শিশুৰ মন।দেশ তথা ৰাজ্যৰ সকলো সমস্যা সমাধান কৰা দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰো সমস্যা সমাধান কৰিব।“
সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে দুখন বিশেষ চিঠি।এই চিঠি দুখন লিখিছে অসমৰ দুটি শিশুয়ে।নিজৰ সমস্যাৰ কথা উল্লেখ কৰি এই পত্ৰ প্ৰেৰণ কৰিছে শিশু দুটিয়ে।
দাঁতৰ সমস্যাত ভুগি থকা এই শিশু দুটিয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ লিখিছে এই বিশেষ চিঠি দুখন।
চিঠিখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকৰ দাঁত নগজাৰ সন্দৰ্ভত সমাধান বিচাৰি অনুৰোধ জনাইছে শিশু দুটিয়ে।
৬ বছৰীয়া ৰেইছা ৰাওজা আহমেদ আৰু ৫ বছৰীয়া আৰিয়ান আহমেদে তেওঁলোকৰ দাঁত নগজাৰ বাবে প্ৰিয় খাদ্যসমূহ খাবলৈ অসুবিধা হোৱাৰ অভিযোগ আনি ব্যৱস্থা লবলৈ অনুৰোধ কৰিছে মন্ত্ৰীদ্বয়লৈ।
পত্ৰখনত দুই শিশুৱে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী ডঃ বিশ্ব শৰ্মালৈ অনুৰোধ কৰি লিখিছে- ’অনুগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক,দাঁত নথকাৰ বাবে আমি প্ৰিয় খাদ্য সমূহ সঠিকভাৱে চোবাব পৰা নাই।’
একেদৰে প্ৰধানমন্ত্ৰী মোডীলৈ সম্বোধন ধৰি লিখিছে-’মৰমৰ মোডীজী,মোৰ তিনিটা দাঁত গজা নাই,মোৰ আহাৰ চোবাওতে সমস্যা হৈছে।‘
অসমৰ এই কণমানি শিশু দুটিৰ মৰমলগা চিঠি দুখন পাই মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই বাতৰি শ্বেয়াৰ কৰি লিখিছে যে-তোমালোকৰ বাবে গুৱাহাটীত এজন ভাল দন্ত চিকিৎসকৰ ব্যৱস্থা কৰিম,যাতে আমি একেলগে তোমালোকৰ প্ৰিয় খাদ্য উপভোগ কৰিব পাৰোঁ।