তৃতীয় লিংগ কল্যাণ পৰিষদৰ উপ-অধ্যক্ষ স্বাতী বিধান বৰুৱাৰ বিস্ফোৰক দাবী যে অসমত ভুৱা কিন্নৰৰ সহায়ত একাংশ খ্ৰীষ্টান সংগঠনে ধৰ্মান্তৰকৰণৰ বৃ্হৎ জাল পেলাইছে।এই সময়তে এই সকল ভুৱা কিন্নৰক চিনাক্ত নকৰিলে এটা সময়ত এক ভয়ংকৰ বিপদৰ মুখামুখি হবলৈ সাজু থাকিব লাগিব সকলো।
গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই ভয়ংকৰ তথ্য দাঙি ধৰি উপ-অধ্যক্ষ গৰাকীয়ে এইবুলিও উল্লেখ কৰে যে বৰ্তমান সময়ত ৰাজ্যত প্ৰায় ৫ হাজাৰ ভুৱা কিন্নৰৰ উপস্থিতি ধৰা পৰিছে। এই ভুৱা কিন্নৰ সকলক নাকী লগাবলৈ তৃতীয় লিংগ কল্যাণ পৰিষদে অতি শীঘ্ৰেই গঠন কৰিব টাস্ক ফ’ৰ্চ।
চৰকাৰী তথ্য অনুসৰি এই সময়ত অসমত পঁচিশ হাজাৰ কিন্নৰ আছে যদিও প্ৰকৃততে ৰাজ্যত ত্ৰিশ হাজাৰ কিন্নৰ আছে বুলি তেওঁ দাবী কৰে। বিভিন্ন সময়ত এই পাঁচ হাজাৰ ভুৱা কিন্নৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।
গতিকে এই ভুৱা কিন্নৰ সকলক নাকী লগাবলৈ তৃতীয় লিংগ কিন্নৰ পৰিষদে এক টাস্ক ফ’ৰ্চ গঠন কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব।যিহেতু ব্যৱসায় মনোবৃত্তিৰে এই পাঁচ হাজাৰ ভুৱা কিন্নৰে বিভিন্ন সময়ত মানুহৰ পৰা ধন দাবী কৰি অহা দেখা যায়।
ইতিমধ্যে এই পাঁচ হাজাৰ ভুৱা কিন্নৰৰ বৃ্হৎ ছিণ্ডিকেট ৰাজ উৎখাত কৰিবলৈ পৰিষদে পূৰ্ণ প্ৰস্তুতি চলাইছে। অহা এমাহৰ ভিতৰত এই ছিণ্ডিকেট চক্ৰ উৎখাত কৰিব বুলিও হুংকাৰ দিয়ে উপ-অধ্যক্ষ গৰাকীয়ে।
এই প্ৰস্তুতি প্ৰক্ৰিয়াত বহুৰূপী ভুৱা কিন্নৰক ৰোধিবলৈ পৰিষদে জিলাই জিলাই সমিতি গঠন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।ইফালে অসমৰ একাংশ সংগঠনে বহিঃৰাজ্যৰ পৰা ভুৱা কিন্নৰক অনা আৰু প্ৰশ্ৰয় দিয়া বুলিও পৰিষদৰ বিষয়-ববীয়া সকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।