ক’ৰনা মহামাৰীৰ সময়ছোৱাতো অটল পেঞ্চন যোজনাৰ অধীনত নতুন সদস্যৰ সংখ্যা বৃদ্ধি পাইছে। কাৰণ চৰকাৰ আৰু পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ বা পি এফ আৰ ডি এৰ দ্বাৰা প্ৰচাৰ কাৰ্যসূচী বৃদ্ধি কৰা হৈছে।
অৱশ্যে উপাৰ্জনৰ অভাৱত বহু সংখ্যক সদস্যই আঁচনিখন অকালতে এৰিবলৈ বাধ্য হোৱা দেখা গৈছে।
আনহাতে মহামাৰীৰ ধ্বংসযজ্ঞৰ সময়তে অভিলেখ সংখ্যক অসংগঠিত খণ্ডৰ ৭৯ লাখ সদস্যই বিত্তীয় বৰ্ষ ২১ত অটল পেঞ্চন যোজনাত যোগদান কৰিছিল। দুৰ্ভাগ্যজনক ভাৱে নিম্ন উপাৰ্জনকাৰীসকলে সন্মুখীন হোৱা উপাৰ্জনৰ সীমাবদ্ধতাৰ বাবে বছৰটোতে ১০ লাখ শ্ৰমিকে আঁচনিৰ পৰা অব্যাহতি লয়।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহতে ৫.৯ লাখ লোক আঁচনিখনৰ পৰা বাহিৰ হৈছিল, আনহাতে প্ৰায় ৩০ লাখ লোকে যোগদান কৰিছিল। অটল পেঞ্চন যোজনা হৈছে চৰকাৰ সমৰ্থিত স্বেচ্ছামূলক আঁচনি যাৰ উদ্দেশ্য হৈছে নিম্নতম নিশ্চিত পেঞ্চন, মাহে ১০০০ ৰ পৰা ৫০০০ টকাৰে সুৰক্ষা প্ৰদান কৰা। বজাৰ-সম্পৰ্কিত এই আঁচনিয়ে ব্যক্তিগত অৱদানৰ অনুপাতত বৃদ্ধ বয়সৰ উপাৰ্জন সুৰক্ষা নিশ্চিত কৰে।
পি এফ আৰ ডি এৰ অধ্যক্ষ সুপ্ৰতীম বন্দোপাধ্যায়ে এফ ইক দিয়া এক শেহতীয়া সাক্ষাৎকাৰত বিশ্বাস ব্যক্ত কৰিছিল যে বিত্তীয় বৰ্ষ ২২ত এন পি এচ গ্ৰাহকৰ সংখ্যাত অভিলেখ সংখ্যক ১কোটি যোগ কৰা হ’ব, যাৰ ৯০ শতাংশই অটল পেঞ্চন যোজনাৰ অধীনত অন্তৰ্ভূক্ত হ’ব। তেখেতে কৰ্তৃপক্ষৰ বিতৰণ অংশীদাৰসকল মুখ্যতঃ বেংক আৰু বেঙ্কিং সংবাদদাতাসকলক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে আগষ্ট ২০২১ৰ শেষত মুঠ এন পি এছ গ্ৰাহকৰ সংখ্যা আছিল ৪.৫২ কোটি।
পি এফ আৰ ডি এয়ে বিত্তীয় বৰ্ষ ২২ ত বছৰি ২২ শতাংশ বৃদ্ধিৰে ১.২৫ লাখ কোটি টকাৰ নতুন এন পি এছ পুঁজিৰ প্ৰবাহ আশা কৰিছে। বজাৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰিচালনাৰ অধীনত সম্পত্তিয়ে বিত্তীয় বৰ্ষ ২২ ত ৩০ শতাংশতকৈ অধিক বৃদ্ধিৰে ৭.৫ লাখ কোটি টকাৰ ওচৰলৈ গতি কৰিব পাৰে।
বিশ্ববিয়পা পেঞ্চন প্ৰযুক্তি প্ৰতিষ্ঠান পিনবক্স ইনক্লুশ্বনৰ সহ-প্ৰতিষ্ঠাপক গৌতম ভৰদ্বাজে কয় যে যদিও অটল পেঞ্চন যোজনাৰ অধীনত অন্তৰ্ভূক্তি বৃদ্ধি কৰাটো কৃতিত্বপূৰ্ণ। তথাপি কাৰ্যকৰী অৱসৰ সাক্ষৰতাৰ প্ৰতি পৰ্যাপ্ত মনোযোগ নিদি নিম্ন আয়ৰ ব্যক্তিসকলৰ মাজত বৃদ্ধ বয়সৰ উপাৰ্জন সুৰক্ষাৰ বিষয়ে এক মিছা প্ৰত্যাশা সৃষ্টি কৰা হৈছে। তেওঁৰ মতে উপাৰ্জনৰ সীমাবদ্ধতাৰ উপৰিও আঁচনিখনৰ লাভালাভৰ অপ্ৰয়োজনীয়তা উপলব্ধি কৰাটোও মানুহ বাহিৰ হোৱাৰ এটা কাৰণ হ’ব পাৰে।
এন এছ ডি এলৰ তথ্য উদ্ধৃত কৰি ভৰদ্বাজে কয় যে আঁচনিখনৰ অন্তৰ্ভূক্ত হোৱা ৭২ শতাংশই ৩১ মাৰ্চ ২০২০লৈকে প্ৰতি মাহে নিম্নতম ১০০০ টকাৰ পেঞ্চন আঁচনি বাছনি কৰিছে। মাত্ৰ ১৭ শতাংশ গ্ৰাহকে ৫০০০ টকাৰ মাহিলী পেঞ্চন বাছনি কৰিছিল। অটল পেঞ্চন যোজনাৰ অধীনত ১৮ৰ পৰা ৪০ বছৰ বয়সৰ গ্ৰাহকে ১০০০ টকাৰ পৰা ৫০০০ টকাৰ ভিতৰত নিম্নতম মাহিলী পেঞ্চন বাছনি কৰিব পাৰে। লগতে তেওঁ উল্লেখ কৰে যে অটল পেঞ্চন যোজনা মুদ্ৰাস্ফীতি-সূচীবদ্ধ নহয়।
ইফালে চৰকাৰে আঁচনিখন অধিক আকৰ্ষণীয় কৰি তোলা আৰু অধিক অন্তৰ্ভূক্তি নিশ্চিত কৰাৰ লক্ষ্যৰে লোৱা এক পদক্ষেপত প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা নামৰ দুটা জনপ্ৰিয় বীমা আঁচনিৰ সৈতে অটল পেঞ্চন যোজনা একত্ৰিত কৰাৰ কথা বিবেচনা কৰি আছে। অৱশ্যে এজন গ্ৰাহকে দুৰ্ঘটনাজনিত আৰু জীৱনবীমাৰ সুবিধা ল’বলৈ অতিৰিক্ত পৰিমাণৰ ধন জমা দিব লাগিব।