আফগানিস্তানৰ এগৰাকী ২৬ বছৰীয়া মহিলাই আকাশ মাৰ্গত সন্তান জন্ম দিয়াক লৈ এতিয়া সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।আফগানিস্তানৰ অস্থিৰ সমাজ ব্যৱস্থাত দিশহাৰা হৈ পৰা সৰ্বসাধাৰণে দেশ এৰি পলায়ন কৰা সময়তে এনে এটা ঘটনাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ছোমন নুৰি নামৰ এই মহিলা গৰাকী স্বামীৰ সৈতে দেশ এৰি শুক্ৰ বাৰে নিশা কাবুলৰ পৰা ডুবাই অভিমুখে ব্ৰিটেইনৰ এখন বিমানত যাত্ৰা কৰিছিল।আৰু বিমানখন উৰিবলৈ লোৱাৰ পিছতেই মহিলা গৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হ’য়।
ইয়াৰপিছতেই প্ৰায় ৩০ হাজাৰ ফুট উচ্চতাত মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে আৰু মহিলা গৰাকীক সন্তানটি জন্ম দিয়াত সহায় কৰে তুৰস্কৰ এয়াৰ লাইনছৰ কৰ্মী সকলে।
পৰৱৰ্তী সময়ত বাৰ্মিংহামগামী বিমানখনেৰে দম্পতী হালক ব্ৰিটেইনলৈ লৈ যোৱা হ’য়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আমেৰিকাৰ এখন সামৰিক বিমানত এগৰাকী আফগান মহিলাই এটি কন্যা সন্তান জন্ম দিছিল।
আফগানিস্তানত তালিবানে শাসন আৰম্ভ কৰাৰ লগে লগে দেশখনৰ বহু লোক বিশেষকৈ শিশু আৰু মহিলাসকল অধিক প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছে।এই ঘটনাই এতিয়া আফগানিস্তাৰ অসুৰক্ষিত সমাজব্যৱস্থাৰ অন্য এখন ছবি তুলি ধৰিছে।