মাইগ্ৰেইনৰ পৰা মুক্তি পাবলৈ চিকিৎসকে প্ৰায়ে ব্যায়ামৰ পৰামৰ্শ দিয়ে। কিন্তু ব্যায়ামৰ পিছতো মূৰৰ বিষ হ’ব পাৰে। ব্যায়ামৰ পিছৰ মূৰৰ বিষ হ’ব পাৰে বুলি প্ৰথম প্ৰকাশ পাইছিল ১৯৬৮ চনৰ এক অধ্যয়নত। গৱেষকসকলে প্ৰকাশ কৰিছিল যে দৌৰা, জিমলৈ যোৱা আৰু ৱেট লিফতিং বা আন যিকোনো শাৰীৰিক কাৰ্য্যকলাপৰ পিছত বহু লোকৰ মূৰৰ বিষ হয়।
কিন্তু সকলো লক্ষণ একে নহয়। সাধাৰণতে এই বিষ কপালৰ দুয়োফালে অনুভৱ হয়। কিছু সময় থাকে, তাৰ পিছত কমি যায়। কিছুমান ক্ষেত্ৰত ই বেছি দিনলৈকে থাকে। শাৰীৰিক পৰিশ্ৰমৰ পিছত মূৰৰ বিষ প্ৰধানকৈ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত হয়। নাবালকসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। গৱেষণাৰ পৰা দেখা গৈছে যে ২২-৪০ বছৰ বয়সত এনে মূৰৰ বিষ বেছি। ব্যায়ামৰ পিছত কিহৰ ফলত মূৰৰ বিষ হয়?
চিকিৎসকৰ মতে ব্যায়াম কৰাৰ সময়ত শৰীৰে মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰাৰ লগতে অক্সিজেনৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে ৰাখে। মগজুৰ প্ৰয়োজনীয়তা একে নহয়। বহু ক্ষেত্ৰত তেজৰ সোঁতৰ মাত্ৰা প্ৰয়োজনতকৈ বেছি বৃদ্ধি পায়। এইটোৱেই মূৰৰ বিষৰ প্ৰধান কাৰণ। তদুপৰি গৰমৰ দিনত মগজুৰ উষ্ণতা দুগুণ বৃদ্ধি পায়। ফলত এনে বতৰত ব্যায়াম কৰিলেও মূৰৰ বিষ হ’ব পাৰে। সেইবাবেই অত্যধিক গৰমত বেছি ব্যায়াম নকৰাটো ভাল। মাইগ্ৰেইন হ’লেও ব্যায়ামৰ পিছত বিষ বৃদ্ধি হোৱাৰ আশংকা থাকে। গতিকে মাইগ্ৰেইন ৰোগীক গধুৰ শাৰীৰিক ব্যায়ামৰ পৰিৱৰ্তে যোগাসন কৰিবলৈ পৰামৰ্শ দিয়া হয় ৷
ব্যায়ামৰ পিছত হঠাৎ মূৰৰ বিষৰ সৈতে কেনেদৰে মোকাবিলা কৰিব?
ৱৰ্কআউটৰ মাজত চুটি বিৰতি লওক। এটা ধৰণে ব্যায়াম কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে প্ৰতি ২০ মিনিটৰ মূৰে মূৰে জিৰণি লওক।
বহু সময়ত আৰ্দ্ৰতাৰ অভাৱত এনে মূৰৰ বিষ হয়। গতিকে লগে লগে পানী খাব। কিন্তু বেছি নহয়, পৰিমিতভাৱে পানী খাব লাগে ৷
যদি বিষটোৱে সহনশীলতাৰ মাত্ৰা অতিক্ৰম কৰে, তেন্তে ইয়াক অৱহেলা নকৰিব ৷ । চিকিৎসকৰ ওচৰলৈ যোৱাটো জৰুৰী। বহুতে এই সময়ত বিষনাশক ঔষধ সেৱন কৰে। ডাক্তৰৰ পৰামর্শ নোহোৱাকৈ এনে ঔষধ নোখোৱাই ভাল।