১) প্ৰস্ৰাৱৰ দোষত কঁকালৰ বিষ হ’লে পাতেগজাৰ ৫ খন পাত পৰিষ্কাৰ পানীত ধুই চোবাই দিনে ১ বাৰকৈ একেৰাহে এমাহমান খাব লাগে।
২) ৰাজহাড়ৰ মাজত মজ্জা কমি গ’লে অৰ্জুন গছৰ পূৰঠ ছালৰ গুড়া দুচামুচ এগিলাচ গাখীৰত উতলাই দিনে ২ বাৰকৈ একেৰাহে তিনি মাহ মান খালেই ৰোগীয়ে আৰোগ্য লাভ কৰে।
৩) ইউৰিক এচিড বৃদ্ধিৰ কাৰণে কঁকালৰ বিষ হ’লে ভেদাইলতা নহৰুৰ সৈতে চাটনি কৰি প্ৰতি সাজ আহাৰৰ লগত খাব লাগে। নিয়মীয়াকৈ কমেও এমাহ খাব লাগে।
৪) মানসিক চিন্তা দূৰ কৰিবৰ বাবে ব্ৰাহ্মী শাক ঘিউত ভাজি খালে উপকাৰ পোৱা যায়।
৫) পচতীয়াৰ পাত দুইমুঠি দুই লিটাৰ পানীত সিজাই তাত দুচামুচ খোৱা নিমখ মিহলি কৰি বিষ হোৱা ঠাইত সেঁক দিব লাগে ।
৬) কেঁচা হালধিৰ ৰস ২ চামুচ এডোখৰ গুড়ৰ লগত মিহলি কৰি দিনে এবাৰকৈ একেৰাহে এমাহমান খাব লাগে।
৭) কচকা খোৱাৰ কাৰণে কঁকালৰ বিষ হ’লে কেঁচা হালধিৰ লগত বৰালিবকোৱা বন পিহি বিষ হোৱা স্থানত লগাব লাগে।
সেউজীয়া শাক- পাচলিৰ চালাদ খোৱা উপকাৰী। ঠাণ্ডা লগাব নালাগে। কল , দৈ খোৱা নিষেধ। চৰ্বি জাতীয় খাদ্য , মছলা আৰু ভজা বস্তু খাব নালাগে। একেৰাহে অধিক সময় বহি থাকিব নালাগে।