কেৱল মদ খালে চৰ্বিযুক্ত যকৃত বা ফেটী লিভাৰৰ সমস্যা হ’ব পাৰে বুলি ধাৰণা কৰাটো সম্পূৰ্ণ ভুল। এইটো সঁচা যে অত্যধিক মদ্যপান কৰিলে যকৃতৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ কিন্তু যিসকলে নিয়মিতভাৱে মদ্যপান নকৰে তেওঁলোকৰো এই ৰোগ সহজে হ’ব পাৰে। এই ৰোগৰ কাৰণ হ’ল যকৃতত অতিৰিক্ত পৰিমাণৰ চৰ্বিযুক্ত পদাৰ্থ জমা হোৱা। যদিও প্ৰথম অৱস্থাত বেছি লক্ষণ দেখা নাযায়, তথাপিও এটা লক্ষণে ফেটী লিভাৰৰ ইংগিত দিয়ে ৷ এই লক্ষণ হ’ল মুখৰ দুৰ্গন্ধ।
বৈজ্ঞানিকভাৱে ‘ফেটাৰ হেপাটিকাছ’ নামেৰে জনা যায় এনে দুর্গন্ধ ৷ যিটো সাধাৰণ উশাহ আৰু মুখৰ দুৰ্গন্ধতকৈ একেবাৰে পৃথক। কিছুমান বিশেষ খাদ্য খোৱাৰ পিছত বা ৰাতিপুৱা মুখৰ দুৰ্গন্ধ স্বাভাৱিক। কিন্তু চৰ্বিযুক্ত যকৃতত আক্ৰান্ত লোকৰ ক্ষেত্ৰত ই গোটেই দিনটো থাকে। উশাহত গোটেই দিনটো প্ৰচণ্ড গোন্ধ ওলায়। এইটো ফেটি লিভাৰ ৰোগৰ স্পষ্ট লক্ষণ আৰু ইয়াক কোনো কাৰণতে আওকাণ কৰা উচিত নহয়।
যকৃতৰ প্ৰধান কাম হ’ল তেজৰ পৰা শৰীৰত বিভিন্ন বিষাক্ত পদাৰ্থ আৰু গধুৰ ধাতু পৰিষ্কাৰ কৰা। যেতিয়া যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে তেতিয়া এই মৌলবোৰ শৰীৰৰ বিভিন্ন অংশত জমা হয়। শ্বাসনালী আৰু শ্বাস-প্ৰশ্বাসৰ তন্ত্ৰও ইয়াৰ ব্যতিক্ৰম নহয়। তেনে এটা পদাৰ্থ হ’ল ডাইমিথাইল ছালফেট। ই উশাহত প্ৰৱেশ কৰা বায়ুৰ লগত মিহলি হৈ যায় বাবে মুখৰ দুর্গন্ধ ওলাবলৈ আৰম্ভ কৰে ৷ যকৃতৰ সমস্যাৰ লক্ষণসমূহ হ’ল- মুখৰ দুৰ্গন্ধ, হালধীয়া প্ৰস্ৰাৱ, পেটৰ বিষ, অলপ পৰিশ্ৰম কৰাৰ পিছত ভাগৰুৱা হোৱা, ভৰি ফুলা আদি । যদি এনে কোনো লক্ষণ দেখা দিয়ে, তেন্তে সময় নষ্ট নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।