বীট, কলডিল, কাচকল আদি কাটিলে হাতত ৰঙ লাগে ৷ বহুতে এইধৰণৰ শাক-পাচলি কাটিবলৈ অনিচ্ছুক হোৱা দেখা যায় । সহজে এনে দাগ পৰিস্কাৰ কৰাও কঠিন ৷ কিন্তু সেই দাগবোৰ আঁতৰাবলৈ যদি আপুনি কিছুমান ঘৰুৱা কৌশল জানে তেন্তে আপুনি আৰু এইধৰণৰ শাক-পাচলি কাটিবলৈ কোনো চিন্তা কৰিব নালাগে ৷
আলু
বীট কাটিলে হাত ৰক্তবর্ণৰ হৈ পৰে ৷ আকৌ কলডিল কাটিলে হাত ক’লা হৈ পৰে। এই পাচলিৰ দাগ শুকোৱাৰ আগতে আলু হাতত ঘঁহিলে সহজে আতৰি যায় ৷ আলুৰ ৰসত থকা ষ্টাৰচে দাগ পৰিষ্কাৰ কৰি পেলায়।
বেকিং চ’ডা
ঘৰত বেকিং চোডা আছেনে? যদি আছে ভয় নোহোৱাকৈ বীট, কলডিল.কাচকল কাটিব পাৰি। হাতৰ তলুৱাত দাগ পৰিলেও চিন্তা নকৰিব। বেকিং ছ’ডাই সহজে দাগ আঁতৰাই পেলাব। বেকিং চোডা কেইচামুচমান গৰম পানীত মিহলাই তাত হাত ডুবাই অলপ সময় অপেক্ষা কৰক। হাতৰ দাগ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব।
নিমখ
দাগ যিমানেই জেদী নহওক কিয়, নিমখৰ ওচৰত হাৰ মানিব লাগিব। নিমখে জেদী দাগ আঁতৰোৱাত সহায় কৰিব পাৰে। দুয়োখন হাতৰ তলুৱাত নিমখ ঘঁহিব। ইয়াৰ পিছত কিছু সময় অপেক্ষা কৰি হাত ধুব। গৰম পানীত হাত ধূলে ভাল।
নেমু
গৰমৰ দিনত নেমু সদায় ফ্ৰীজত থাকে। নেমু ব্যৱহাৰ কৰি বীটৰ ৰস, কলডিল বা আন যিকোনো দাগ আঁতৰাব পাৰি। নেমু টুকুৰা টুকুৰকৈ কাটি হাতৰ তলুৱাত ঘঁহি দিব। নেমুৰ ৰসত থকা এচিড যিকোনো দাগ আঁতৰোৱাৰ বাবে একেবাৰে উপযুক্ত।