চুলি আৰু মূৰৰ ছালৰ পুষ্টিৰ বাবে তেল প্ৰয়োগ কৰাটো এটা ভাল অভ্যাস। কিন্তু ছালৰ বিশেষজ্ঞসকলে কয় যে বজাৰত যিমানেই জনপ্ৰিয়, সুগন্ধি তেল উপলব্ধ নহওক কিয়, নাৰিকল তেলৰ বিকল্প নাই। নাৰিকল তেলত ফেটি এচিড আৰু বিভিন্ন ভিটামিন থাকে। যিটো চুলিৰ বাবে ভাল। যদি মূৰৰ ছালত কোনো ধৰণৰ সংক্ৰমণ হয়, তেন্তে চুলিৰ গুণগত মান অৱনমিত হ’বলৈ আৰম্ভ কৰে। চুলি সৰাও বাঢ়ে। উফিও বাঢ়ি যায় ৷ নাৰিকল তেলে এই সকলো ধৰণৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু চুলিৰ ধৰণ অনুসৰি নাৰিকল তেল লগাব লাগে ।
নাৰিকল তেল লগোৱাৰ আগতে কি কি কথা মনত ৰাখিব লাগে?
১) নাৰিকল তেল লগোৱাটো ভাল বুলিয়েই অতি পাতল চুলিত বেছিকৈ লগাব নালাগে। ইয়াৰ বিপৰীত ফলাফল হ’ব পাৰে ৷ তেল লগাই মূৰত বেছি সময় ৰখাৰ প্ৰয়োজন নাই। শ্বেম্পু কৰাৰ আগতে আধা ঘণ্টা ধৰি লগাই থব।
২) কেকোৰা বা ৰুক্ষ চুলিত সহজে জট লাগে ৷ বহুত কণ্ডিচনাৰেৰে শ্বেম্পু কৰাৰ পিছতো চুলি মিহি অনুভৱ নকৰে ৷ এনে চুলিৰ যত্নৰ বাবে বজাৰত বিভিন্ন প্ৰসাধন সামগ্ৰী উপলব্ধ । যদি আপুনি এনে উপাদানসমূহ ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে ঘৰুৱা উপায় হিচাপে নাৰিকল তেল উপকাৰী।
৩) সঘনাই চুলিত ৰং কৰিলেও চুলি ৰুক্ষ হ’ব পাৰে। নাৰিকল তেলৰ পুষ্টি গুণে সেই সমস্যাৰ ক্ষেত্ৰতো সহায় কৰিব পাৰে। এই তেলে চুলিৰ ৰং বেছি দিন টিকি থকা, আৰ্দ্ৰতা ধৰি ৰখা আৰু চুলি শক্তিশালী কৰাত সহায় কৰে।
নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰিব?
১) শ্বেম্পু কৰাৰ আগতে মূৰত নাৰিকল তেল লগাব পাৰে। এই তেল গৰম কৰি মূৰৰ ছাল মালিচ কৰিলে ক্লান্তিৰ পৰা উপশম পাব।
২) চুলিৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ তেল লগোৱাৰ পিছত টাৱেল এখন গৰম পানীত তিয়াই ভাপ লব পাৰে। ই সহজেই চুলিৰ গুৰিলৈকে যাব পাৰে।
৩) চুলিৰ আগ ফটাৰ সমস্যা আছে নেকি? যদি আছে তেনেহ’লে শোৱাৰ আগতে চুলিৰ আগত নাৰিকল তেল লগাব পাৰে।