গাজৰ এনে এবিধ পাচলি যি মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে।বিশেষকৈ কৰ‘নাৰ এই সময়ছোৱাত গাজৰৰ ৰসে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি কৰ’না প্ৰতিৰোধত সহায় কৰিছে।
বিশেষজ্ঞৰ মতে কৰ’না কালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো খুবেই জৰুৰী।তেনেক্ষেত্ৰত সকলোকে গাজৰৰ ৰস খোৱাৰ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞৰ দলে।
ভিটামিন কে, এ, চি প্ৰচুৰ পৰিমাণে থকা গাজৰ নিয়মিত খালে মানুহৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি পায়।
ইয়াৰলগতে বিভিন্ন ফল আৰু পাচলিৰ ওপৰত এক সমীক্ষা কৰি পোৱা গৈছে যে মানুহৰ দৃষ্টি শক্তি বৃদ্ধিৰ বাবে বা অন্ধত্ব প্ৰতিৰোধৰ বাবে গাজৰ খোৱাটো অত্যন্ত আৱশ্যক।
কেন্সাৰৰ দৰে মাৰাত্মক ৰোগো গাজৰে প্ৰতিৰোধ কৰিব পাৰে।ইয়াৰলগতে ব্লাডচুগাৰ সমস্যা থাকিলে প্ৰতিদিনে গাজৰ বা গাজৰৰ ৰস খোৱাৰ পোষকতা কৰিছে বিশেষজ্ঞ সকলে।
ইয়াৰোপৰি নিয়মিত গাজৰ ৰস পাণ কৰিলে মানুহৰ শৰীৰত বয়সৰ চাপো সহজে নপৰে। একেদৰে সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ কু-প্ৰভাৱৰ পৰাও গাজৰৰ ৰসে প্ৰতিৰক্ষা কৰিব পাৰে।
প্ৰচুৰ পটাচিয়াম থকা গাজৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।বিশেষজ্ঞৰ মতে যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেনেলোকে নিয়মিত গাজৰৰ ৰস পাণ কৰিব লাগে।
হৃদৰোগ প্ৰতিৰোধ কৰাতো গাজৰ ৰস অতি উপকাৰী বুলি বিবেচিত হৈছে। অৱশ্যে কোনো কোনো ৰোগৰ ক্ষেত্ৰত গাজৰ অপকাৰীও হ’ব পাৰে. তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ গাজৰ খোৱা দৰকাৰ।